কোহলী, সূৰ্যকুমাৰৰ পিছতে এই কৃতিত্ব অৰ্জন কৰা তৃতীয়জন ভাৰতীয় হিচাপে পৰিগণিত হৈছে অভিষেক শৰ্মা

ভাৰতৰ তৃতীয় ক্ৰিকেটাৰ হিচাপে নজিৰ স্থাপন কৰিছে অভিষেক শৰ্মাই। আন্তৰ্জাতিক ক্ৰিকেট সংস্থা (আইচিচি)ৰ টি-২০ ক্ৰিকেটৰ বেটাৰসকলৰ বাবে প্ৰকাশিত নতুন ৰেংকিং তালিকাত অভিষেকে শীৰ্ষ স্থান দখল কৰিছে। তেওঁ অষ্ট্ৰেলিয়াৰ ট্ৰেভিছ হেডক অতিক্ৰম কৰিছে।

২০২৪ চনৰ জুলাই মাহত অভিষেকে প্ৰথম আন্তৰ্জাতিক টি-২০ মেচ খেলিছিল। দেশৰ হৈ এতিয়ালৈকে কেৱল ২০ অভাৰৰ ক্ৰিকেটহে খেলিছে অভিষেকে। আন্তৰ্জাতিক ক্ৰিকেটত প্ৰৱেশৰ এবছৰৰ ভিতৰতে তেওঁ আইচিচিৰ টি-২০ বেটাৰৰ ৰেংকিং তালিকাত শীৰ্ষ স্থান লাভ কৰিছে। বিৰাট কোহলী আৰু সূৰ্যকুমাৰ যাদৱৰ পিছত ভাৰতৰ তৃতীয় ক্ৰিকেটাৰ হিচাপে এই তালিকাৰ শীৰ্ষত অভিষেক।

শেহতীয়াকৈ প্ৰকাশিত তালিকাত অভিষেকৰ ৰেটিং ৮২৯। দ্বিতীয় স্থানলৈ নামি গৈছে হেড, তেওঁৰ ৰেটিং ৮১৪। তালিকাৰ তৃতীয় স্থানত আছে আন এজন ভাৰতীয় ক্ৰিকেটাৰ তিলক বাৰ্মা, তেওঁৰ ৰেটিং ৮০৪। শীৰ্ষ দহৰ ভিতৰত আছে সূৰ্যকুমাৰো, ৭৩৯ ৰেটিঙৰ সৈতে তেওঁ ষষ্ঠ স্থানত আছে। কিন্তু দুই ঢাপ পিছুৱাই যশস্বী জয়ছোৱাল শীৰ্ষ দহৰ বাহিৰলৈ গৈছে, ৬৭৩ ৰেটিঙৰ সৈতে তেওঁ এতিয়া ১১ নম্বৰত।

শীৰ্ষ পাঁচৰ ভিতৰত আছে ইংলেণ্ডৰ দুজন ক্ৰিকেটাৰ। চতুৰ্থ স্থানত আছে ফিল ছল্ট, তেওঁৰ ৰেটিং ৭৯১। পঞ্চম স্থানত থকা জছ বাটলাৰৰ ৰেটিং ৭৭২। পাকিস্তান, দক্ষিণ আফ্ৰিকা আৰু বাংলাদেশৰ কোনো ক্ৰিকেটাৰ শীৰ্ষ দহৰ ভিতৰত নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...