ভাৰতৰ ওপৰত ২৫% শুল্ক ঘোষণা কৰিছে ড’নাল্ড ট্ৰাম্পে

পূৰ্বৰ পৰাই আভাস পোৱা গৈছিল, আৰু সেয়া সঁচা হ’ল। আমেৰিকাই ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিলে। বুধবাৰে সন্ধিয়া (ভাৰতীয় সময় অনুসৰি) আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই শুল্কৰ হাৰ ঘোষণা কৰে। তেওঁ জনাইছে যে, ১ আগষ্টৰ পৰা এই শুল্ক কাৰ্যকৰী হ’ব। ট্ৰাম্পে নিজৰ সামাজিক মাধ্যমৰ পোষ্টত এই শুল্ক আৰোপৰ কাৰণো ব্যাখ্যা কৰিছে।

ভাৰতীয় সময় অনুসৰি বুধবাৰে সন্ধিয়া ৫:৩৯ বজাত ট্ৰাম্পে তেওঁৰ সামাজিক মাধ্যম ‘ট্ৰুথ ছ’চিয়েল’ত ভাৰতৰ ওপৰত শুল্ক আৰোপৰ কথা ঘোষণা কৰে। তাত তেওঁ ভাৰতক ‘বন্ধু ৰাষ্ট্ৰ’ বুলি বৰ্ণনা কৰিছে। কিন্তু ৰাছিয়া আৰু চীনৰ সৈতে ভাৰতৰ বাণিজ্যিক সম্পৰ্কৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতি অসন্তুষ্ট। ইয়াৰ উপৰিও ট্ৰাম্পৰ দাবী, ভাৰতীয় বজাৰত আমেৰিকান পণ্যৰ ওপৰত অত্যধিক হাৰত শুল্ক লোৱা হয়। সেই কাৰণে আমেৰিকাৰ বজাৰত ভাৰতীয় পণ্য আমদানিৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰা হ’ব বুলি তেওঁ জনাইছে।

এই শুল্কৰ লগতে ভাৰতৰ ওপৰত এটা জৰিমনাও আৰোপ কৰা হ’ব বুলি ট্ৰাম্পে উল্লেখ কৰিছে। যদিও সেই জৰিমনাৰ বিষয়ে তেওঁ সামাজিক মাধ্যমৰ পোষ্টত স্পষ্টভাৱে উল্লেখ কৰা নাই। ট্ৰাম্পে লিখিছে, “মনত ৰাখিব, ভাৰত আমাৰ বন্ধু হ’লেও, বছৰৰ পিছত বছৰ ধৰি তেওঁলোকৰ সৈতে আমাৰ ব্যৱসায় তুলনামূলকভাৱে অতি কম হৈছে। কাৰণ তেওঁলোকে বহুত বেছি শুল্ক লয়। বিশ্বৰ সৰ্বাধিক শুল্ক লোৱা দেশবোৰৰ ভিতৰত ভাৰত এখন। তেওঁলোকৰ সৈতে ব্যৱসায়ত বহুত বিৰক্তিকৰ বাধা আছে, যিবোৰৰ আৰ্থিক সম্পৰ্ক নাই। ইয়াৰ বাহিৰেও, তেওঁলোকে নিজৰ সামৰিক সৰঞ্জামৰ এটা ডাঙৰ অংশ ৰাছিয়াৰ পৰা কিনে। ৰাছিয়াৰ ইন্ধন সৰ্বাধিক কিনে তেওঁলোকে। চীনৰ পৰাও কিনে। যেতিয়া সকলোৱে বিচাৰে যে, ৰাছিয়াই ইউক্ৰেইনত হত্যালীলা বন্ধ কৰক, তেতিয়া এনে কাম ভাল নহয়। সেয়েহে ভাৰতৰ পৰা ২৫ শতাংশ শুল্ক লোৱা হ’ব আৰু উল্লেখিত বিষয়বোৰৰ বাবে ১ আগষ্টৰ পৰা এটা জৰিমনাও লোৱা হ’ব।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...