বজালীৰ বাঘমাৰাৰ ১ নং কলবাৰী প্ৰাথমিক বিদ্যালয়ত হৈছে কি?

এখন তয়াময়া ৰণ
হাতে হাতে টাঙোন লৈ উন্মত্ত জনতাৰ ৰণচণ্ডী মূৰ্তি

ঘটনাৰ আঁৰত সম্পত্তিৰ লালসা। বজালীৰ বাঘমাৰাৰ ১ নং কলবাৰী প্ৰাথমিক বিদ্যালয়ত এই যুদ্ধ সদৃশ পৰিস্থিতি। বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিদ্যালয়ৰ ভূমি দখলৰ অভিযোগ। অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক প্ৰধান হিতেশ কলিতাই দীৰ্ঘদিনে বিদ্যালয়খনৰ ভূমি দখল কৰি ৰকাৰ অভিযোগ ৰাইজৰ। দেওবাৰে অঞ্চলটোৰ একাংশ পুৰুষ মহিলা ওলাই আহিল বিদ্যালয়খনৰ অংগনৱাড়ী কেন্দ্ৰটো দখল মুক্ত কৰিবলৈ। লগে লগে জাঙুৰ খাই উঠিল শিক্ষক হিতেশ কলিতাৰ পৰিয়াল। প্ৰধান শিক্ষকৰ পৰিয়ালে ৰাইজৰ ওপৰত চলালে আক্ৰমণ। হিতেশ কলিতাৰ কন্যাৰ প্ৰহাৰত এগৰাকী মহিলাৰ হাত ভাঙি যোৱাৰ অভিযোগ। লগে লগে ৰাইজেও দিলে তাৰ প্ৰত্যুত্তৰ। আৰু তাৰ পিছৰ পৰিস্থিতি এয়া।

দুই পক্ষৰ প্ৰহাৰত আহত হ’ল কেইবাজনো লোক। উত্তেজিত লোকৰ প্ৰহাৰত মূৰ ফাটিল শিক্ষক হিতেশ কলিতাৰো। মূৰ ফাটিল হিতেশ কলিতাৰ কন্যাৰো। পৱিত্ৰ জ্ঞান মন্দিৰৰ ভূমিত ৰক্তপাত ঘটোৱা এই সংঘাত ৰোধ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। আৰক্ষীৰ হস্তক্ষেপত নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি। ৰাইজৰ অভিযোগ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক হিতোশ কলিতাৰ পিতৃয়ে ৪০বছৰ পূৰ্বেই এই ভূমি দান দিছিল বিদ্যালয়ৰ বাবে। আৰু সেই বিদ্যালয়তে শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰাৰ পিছত সেই ভূমি পুনৰ নিজৰ দখললৈ নিয়াৰ চেষ্টা কৰিছে হিতেশ কলিতাই।

ইফালে ৰাইজৰ বিপৰীত ভাষ্য হিতেশ কলিতাৰ পৰিয়ালৰ। বিদ্যালয়ৰ বাবে ভূমি দান কৰাৰ কথা অস্বীকাৰ নকৰিলেও মাটিখিনি তেওঁলোকৰ ককাকৰ নামতে থকা বুলি দাবী কৰি দশক দশক ধৰি সেই মাটিৰ খাজনা দি অহা বুলি মন্তব্য হিতেশ কলিতাৰ পুত্ৰৰ।

ইফালে গাওঁখনৰ কেইটামান পৰিয়ালেহে সেই মাটিখিনিৰ বাবে হিতেশ কলিতাৰ পৰিয়ালক ভাবুকি প্ৰদান কৰি অহাৰ অভিযোগ।

ইতিমধ্যে ঘটনা সন্দৰ্ভত দুয়োটা পক্ষই পৃথকে পৃথকে তৰিছে গোচৰ। আৰক্ষীৰ তদন্ততহে স্পষ্ট হ’ব সকলো তথ্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...