জৱাহৰ নবোদয় বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ৯গৰাকী ছাত্ৰক বহিস্কাৰ, কিন্তু কিয়?

জৱাহৰ নবোদয় বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ৯গৰাকী ছাত্ৰক বহিস্কাৰ ৷ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত সংঘটিত হৈছে এই ঘটনা। যোৱা ১৩ মাৰ্চত গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিছিল দেবাশিস দেউৰী নামৰ এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰক৷ এই ঘটনাত আহত ছাত্ৰগৰাকীৰ পিতৃ অনিল দেউৰীয়ে নাৰায়ণপুৰ থানাত তৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে বৃহস্পতিবাৰে ৯গৰাকী ছাত্ৰক থানালৈ লৈ আনে ৷ ইয়াৰ পাছত ছাত্ৰকেইগৰাকীৰ পিতৃ-মাতৃৰ অনুৰোধ আৰু বিদ্যালয়ৰ অধ্যক্ষই বহিস্কাৰৰ দৰে কঠোৰ ব্যৱস্থাৰ লোৱাৰ বাবে দেবাশিষ দেউৰীৰ পিতৃ অনিল কুমাৰ দেউৰীয়ে গোচৰৰ আপোচ মীমাংসা কৰে ৷ দ্বাদশ শ্ৰেণীৰ ৯গৰাকী ছাত্ৰক বিদ্যালয়ৰ ছাত্ৰাবাসৰ পৰা বহিস্কাৰ কৰা হয় যদিও চূড়ান্ত পৰীক্ষা দিবলৈ সুবিধা প্ৰদান কৰে অধ্যক্ষগৰাকীয়ে ৷ ইফালে চূড়ান্ত অনুশাসনহীনতাৰ ফলত ৯গৰাকী ছাত্ৰ কাজিয়াত লিপ্ত হৈ বহিস্কাৰ হোৱা ঘটনাত উপায়হীন হৈ পৰিছে অভিভাৱকসকল৷ আনহাতে, বিদ্যালয়খনত অধ্যক্ষগৰাকীৰ দায়িত্বহীনতাৰ বাবে সঘনাই ছাত্ৰৰ মাজত সংঘটিত মাৰপিতৰ ঘটনাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যতক লৈ চিন্তিত হৈ পৰিছে অভিভাৱকসকল ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...