ইউক্ৰেইনৰ পৰা ঘূৰি অহা ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা চৰকাৰৰ

ইউক্ৰেইনৰ পৰা ঘূৰি অহা ছাত্ৰ-ছাত্ৰীয়ে কিদৰে শেষ কৰিব পাঠ্যক্ৰম? চিকিত্সা বিজ্ঞান অধ্যয়ন কৰিবলৈ বহু শিক্ষাৰ্থী ইউক্ৰেইনলৈ ৰাওনা হয়। ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ বাবে আধাতে অধ্যয়ন সামৰি স্বদেশলৈ ঘূৰি আহিবলগীয়া হয় হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী। এনে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতক লৈ আশংকাত ভুগিছে অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীসকল। এনে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মেডিকেল ইণ্টাৰ্নশ্বিপৰ ব্যৱস্থা কৰিব পশ্চিম বংগ চৰকাৰে। চৰকাৰী মেডিকেল কলেজসমূহত ইণ্টাৰ্নশ্বিপৰ ব্যৱস্থা কৰিব চৰকাৰে। একেসময়তে সকলোৱে নামভৰ্তি কৰিব বিচাৰিলে পৰ্যায়ক্ৰমে নামভৰ্তিৰ সুযোগ দিব। ইণ্টাৰ্নশ্বিপৰ সময়ত বিশেষ ভাট্টাও প্ৰদান কৰিব চৰকাৰে। প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক নামভৰ্তিৰ বাবে বিশেষ ব্যৱস্থা কৰিব লগীয়া হ’ব পাৰে। দ্বিতীয় আৰু তৃতীয় বৰ্ষৰ শিক্ষাৰ্থীক নামভৰ্তিৰ বাবে মেডিকেল কমিছনৰ অনুমতিৰ প্ৰয়োজন হব পাৰে। মেডিকেল কমিছনে অনুমতি দিলে বেচৰকাৰী মেডিকেল কলেজতো নামভৰ্তিৰ ব্যৱস্থা কৰিব চৰকাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অধিনায়ক ৰিয়ানৰ সাহসে নিৰ্ভীক কৰিছে দলক: শ্বেন বণ্ড

‘যি ৰণনীতিৰে আমি ছিজনৰ আৰম্ভণি কৰিছিলো সেয়া প্ৰথম তিনিখন...

ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে...

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...