কেন্দ্ৰীয় কেবিনেটত ‘সৰ্বা’ IN, ‘তেলী’ OUT!

গুৱাহাটী, ১৯ জুন, NKTVকি হ’ব সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক ভৱিষ্যৎ? হাইকমাণ্ডৰ তলব পাই বৃহস্পতিবাৰৰ পৰা দিল্লীত বাহৰ পাতি আছে সৰ্বানন্দ সোণোৱাল। অসমৰ মুখ্যমন্ত্ৰিত্বৰ পদ হিমন্ত বিশ্ব শৰ্মাক এৰি দিয়াৰ বিনিময়ত সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্তিৰ সুযোগ পাব বুলি খবৰ আহিছিল। শেহতীয়াকৈ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সময় চমু চাপি অহাৰ লগে লগে অসমৰ ৰাজনীতিতো চৰ্চা আৰম্ভ হৈছে। সৰ্বানন্দ সোণোৱালে দিল্লীত কেইবাজনো শীৰ্ষ নেতাক সাক্ষাৎ কৰিছে যদিও কেনে আলোচনা কৰিছে সেই বিষয়ে মুখ খোলা নাই। সোণোৱালৰ ৰাজনৈতিক ভৱিষ্যতৰ ওপৰতে কোন হ’ব ৰাজ্যিক বিজেপিৰ সভাপতি সেইকথাও নিৰ্ভৰ কৰিছে। ৰাজ্যত চৰ্চা হৈছে দুটা সমীকৰণ।

সমীকৰণ ১
সোণোৱাল কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী!
ৰামেশ্বৰ তেলী মন্ত্ৰীসভাৰ পৰা বাহিৰ!
সোণোৱালে পাব খাদ্য সংশাধন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰিত্ব!
ৰামেশ্বৰ তেলীক ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব!

সমীকৰণ ২
সোণোৱালক ৰাজ্যপাল নিযুক্তি!
ৰামেশ্বৰ তেলী মন্ত্ৰীসভাত বাহাল!
সিদ্ধাৰ্থ ভট্টাচাৰ্য, কামাখ্যা প্ৰসাদ তাছা, ৰঞ্জিত দত্তৰ যিকোনো এজনক ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব!

Sarbananda Sonowal Interview: We are here to protect interests of people of  Assam… they believe us. CAA will no way be an issue this election' |  Elections News,The Indian Express

ৰামেশ্বৰ তেলীক মন্ত্ৰীসভাৰ পৰা বাহিৰ কৰিলে চাহ জনজাতি ভোটাৰক সন্তুষ্ট কৰিবৰ বাবে তেওঁকে অথবা কামাখ্যা প্ৰসাদ তাছাক সভাপতিৰ পদ দিয়াৰ চিন্তা-চৰ্চা চলিছে বুলি খবৰ আহিছে। অৱশ্যে ৰামেশ্বৰ তেলী মন্ত্ৰীসভাত থাকিলে সভাপতি পদৰ বাবে প্ৰথম পচন্দলৈ আহিব সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নাম। সিদ্ধাৰ্থ ভট্টাচাৰ্যই অগ্ৰাহ্য কৰিলেহে তাছা অথবা আন এজনৰ নাম বিবেচনালৈ আহিব। কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ লগে লগে এই বিষয়টো পৰিস্কাৰ হৈ পৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

সংগীত পৰিৱেশন কৰিবলৈ নাহিল বলীউডৰ কণ্ঠশিল্পী, অতিষ্ঠ হৈ দৰ্শকে ভাঙিলে পেণ্ডেল, আচবাব

বিলাসীপাৰা মিউজিক ফেষ্টিভেলত অঘটন। সংগীত পৰিৱেশন কৰিবলৈ নাহিল বলীউডৰ...

সংসদত দাখিল ২০২৫-২৬ বৰ্ষৰ সাধাৰণ বাজেট

সংসদত দাখিল ২০২৫-২৬ বৰ্ষৰ সাধাৰণ বাজেটবিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অষ্টমখন...

আজি সংসদত দাখিল হ’ব পূৰ্ণাংগ বাজেট

আজি সংসদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব মোদী চৰকাৰৰ...

বতৰে বিধি পথালি দিব সৰস্বতী পূজাত!

বতৰে বিধি পথালি দিব সৰস্বতী পূজাত! অসমৰ লগতে উত্তৰ...