সৌৰভ গাংগুলীৰ ঘৰত কি কি খালে অমিত শ্বাহে?

ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ প্ৰধান সৌৰভ গাংগুলীৰ কলকাতাস্থিত বাসগৃহত নৈশ আহাৰ গ্ৰহণ কৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে। পশ্চিমবংগ ভ্ৰমণত থকা অমিত শ্বাহে সৌৰভ গাংগুলীৰ বাসগৃহত অংশ লয় নৈশ ভোজত। বিজেপিৰ এটা সূত্ৰই দাবী কৰা অনুসৰি অমিত শ্বাহে নিজেই সৌৰভ গাংগুলীৰ বাসগৃহলৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল। এই বাৰ্তা সৌৰভ গাংগুলীয়ে পোৱাৰ পিছত অমিত শ্বাহক নৈশভোজৰ বাবে আমন্ত্ৰণ জনায়।

FILE PHOTO

নৈশভোজৰ খাদ্য তালিকাত আছিল ভাত, ৰুটি, লুচি, বেঙেনা ভাজি, আলুৰ দম, ভেজিটেব’ল কাটলেট, পনীৰ, দৈ, ৰসোগল্লা আৰু কাজু বৰ্ফি। অৱশ্যে এই নৈশভোজৰ মাজত দুয়োপক্ষই ৰাজনীতি আনিব বিচৰা নাই। কিন্তু এই ক্ষেত্ৰত ৰাজনীতিৰ অনুষংগ আহি পৰিছে। কাৰণ ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে সৌৰভ গাংগুলীক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰি বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অনুৰোধ কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...