নলবাৰীৰ অসীম শৰ্মা নামৰ লোকজনৰ জীৱনলৈ যেন নামি আহিল অমানিশা

সকলো ঠিকেই চলি আছিল, কিন্তু হঠাৎ নলবাৰীৰ অসীম শৰ্মা নামৰ লোকজনৰ জীৱনলৈ যেন নামি আহিল অমানিশা। আজিৰ পৰা প্ৰায় ২বছৰ আগত সেই পৰিয়ালটোত আছিল কেৱল সুখ-শান্তি, কিন্ত অসীম শৰ্মাৰ পৰিয়ালটোত এতিয়া নাই সেই আনন্দ।
কাৰণ অসীম শৰ্মা ২ বছৰৰ পৰা ভুগি আছে কৰ্কট ৰোগত আৰু অসীম শৰ্মাৰ চিকিৎসাৰ বাবে নাই পৰ্যাপ্ত ধন। ইতিমধ্যেই পত্নী নিলাক্ষী গোস্বামীয়ে শেষ কৰিছে সমস্ত ধন। বৰ্তমান তেওঁলোক অসহায়। ৯বছৰীয়া ল’ৰাটোও বৰ্তমান দেউতাকৰ মৰমৰ পৰা বঞ্চিত। মুম্বাইৰ টাটা মেমৰিয়েল কেঞ্চাৰ হাস্পতালত শৰ্মাৰ চিকিৎসা চলি আছে যদিও ধনৰ অভাৱৰ বাবে সম্পন্ন কৰিব পৰা নাই সু-চিকিৎসা। তেওঁলোকক লাগে আপোনালোকৰ অকণমান সহায়, এই অকণমান আৰ্থিক সহায়ে হয়তো সুস্থ কৰি তুলিব পাৰে অসীম শৰ্মাক।
কোনো সদাশয় ব্যক্তিয়ে সহায় কৰিব বিচাৰিলে বেংক একাউণ্টৰ জৰিয়তে আগবঢ়াব পাৰে আৰ্থিক সহায়। যোগাযোগ কৰিব পাৰে 9706778207 নম্বৰত।

একাউণ্ট নম্বৰ : 34804103772, IFSC CODE : SBIN0005240, Branch : SBI Gorchuk. Google Pay : 9706778207

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...