জণ্ডিচ আৰু লিভাৰৰ বাবে অত্যন্ত উপকাৰী কলমৌ, জানো আহক কলমৌৰ ৮টা উপকাৰিতা

কলমৌ অতি পুষ্টিকৰ আৰু ঔষধি গুণ যুক্ত বন শাক। এই কলমৌত অধিক মাত্ৰাত আইৰণ, কেলছিয়াম, পটাছিয়াম , মেগনেছিয়াম , ফাইবাৰ , ভিটামিন-এ , বি , চি , ই আদি উপাদান পোৱা যায়। কলমৌৱে গৰ্ভৱতী মহিলাৰ ডায়েবেটিছ ৰোগৰ উপশম ঘটায়। এণ্টি -অক্সিডেণ্ট গুণ থকা কলমৌৱে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। কলমৌ শাকক বসন্ত ৰোগৰ প্ৰতিষেধক বুলি কোৱা হয়। প্ৰচুৰ পৰিমাণে আইৰণ থকাৰ বাবে ৰক্তহীনতাৰ সমস্যাত উপকাৰী।

কলমৌ শাকত থকা কেলছিয়ামে শৰীৰৰ হাড় আৰু দাঁতৰ গঠন মজবুত কৰে। কলমৌ শাক মেদবহুলতা, উচ্চ ৰক্তচাপৰ সমস্যা থকা লোকৰ বাবে উপকাৰী। কলমৌ শাক চকুৰ বাবে উপকাৰ । কলমৌ শাকে হজম শক্তি বঢ়ায়। কৌষ্ঠকাঠিন্যতাৰ সমস্যা নোহোৱা কৰে। কলমৌ শাক জণ্ডিচ আৰু লিভাৰৰ আন সমস্যাতো অতি উপকাৰী। কলমৌ শাকে মানসিক হতাশা দূৰ কৰে , টোপনি অনাত সহায় কৰে, ছালৰ উজ্বলতা বঢ়ায়। হৃদযন্ত্ৰৰ বাবেও কলমৌ উপকাৰী। প্ৰস্ৰাৱৰ সমস্যাত কলমৌ শাক নিয়মিয়াকৈ কেইদিন মান খালে উপকাৰ পোৱা যায় ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

E-20 ইন্ধন ব্যৱহাৰৰ সপক্ষে কেন্দ্ৰৰ স্পষ্টীকৰণ; ছ’চিয়েল মিডিয়াৰ ‘ভ্ৰান্ত খবৰ’ক গুৰুত্ব নিদিবলৈ গ্ৰাহকক আহ্বান

দেশত ইথানল মিশ্ৰিত পেট্ৰ’ল (EBP) কাৰ্যসূচীৰ সপক্ষে কেন্দ্ৰীয় পেট্ৰ’লিয়াম...

অসম বাজেট ২০২৬-২৭: ১৮খন ধ্বজাবাহী আঁচনি আৰু ব্যাপক সংস্কাৰমূলক পদক্ষেপ ঘোষণা বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২০২৭ বিত্তীয় বৰ্ষৰ বাবে...