জণ্ডিচ আৰু লিভাৰৰ বাবে অত্যন্ত উপকাৰী কলমৌ, জানো আহক কলমৌৰ ৮টা উপকাৰিতা

কলমৌ অতি পুষ্টিকৰ আৰু ঔষধি গুণ যুক্ত বন শাক। এই কলমৌত অধিক মাত্ৰাত আইৰণ, কেলছিয়াম, পটাছিয়াম , মেগনেছিয়াম , ফাইবাৰ , ভিটামিন-এ , বি , চি , ই আদি উপাদান পোৱা যায়। কলমৌৱে গৰ্ভৱতী মহিলাৰ ডায়েবেটিছ ৰোগৰ উপশম ঘটায়। এণ্টি -অক্সিডেণ্ট গুণ থকা কলমৌৱে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। কলমৌ শাকক বসন্ত ৰোগৰ প্ৰতিষেধক বুলি কোৱা হয়। প্ৰচুৰ পৰিমাণে আইৰণ থকাৰ বাবে ৰক্তহীনতাৰ সমস্যাত উপকাৰী।

কলমৌ শাকত থকা কেলছিয়ামে শৰীৰৰ হাড় আৰু দাঁতৰ গঠন মজবুত কৰে। কলমৌ শাক মেদবহুলতা, উচ্চ ৰক্তচাপৰ সমস্যা থকা লোকৰ বাবে উপকাৰী। কলমৌ শাক চকুৰ বাবে উপকাৰ । কলমৌ শাকে হজম শক্তি বঢ়ায়। কৌষ্ঠকাঠিন্যতাৰ সমস্যা নোহোৱা কৰে। কলমৌ শাক জণ্ডিচ আৰু লিভাৰৰ আন সমস্যাতো অতি উপকাৰী। কলমৌ শাকে মানসিক হতাশা দূৰ কৰে , টোপনি অনাত সহায় কৰে, ছালৰ উজ্বলতা বঢ়ায়। হৃদযন্ত্ৰৰ বাবেও কলমৌ উপকাৰী। প্ৰস্ৰাৱৰ সমস্যাত কলমৌ শাক নিয়মিয়াকৈ কেইদিন মান খালে উপকাৰ পোৱা যায় ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...