নিমৰ উপকাৰিতাসমূহৰ বিষয়ে জানেনে?

সোৱাদত তিতা নিম হয়তো আপোনাৰো পৰিচিত। প্ৰতিঘৰ মানুহৰে বাৰীত এই নিম গছ সহজে পোৱা যায়। বহু লোকে ইয়াক বিভিন্ন ঔষধত ব্যৱহাৰ কৰা দেখা যায়। সোৱাদত তিতা হ’লেও কিন্তু এই নিমৰো আছে বহু উপকাৰিতা। যি সমূহ উপকাৰিতা জানিলে আচৰিত হ’ব আপুনিও। তেন্তে জানো আহকচোন এই নিমৰনো কি কি উপকাৰিতা আছে।

নিমৰ উপকাৰিতা

১. নিমপাত গ্ৰহণ কৰিলে শৰীৰৰ পৰা লেতেৰা পদাৰ্থসমূহ ওলাই যায়। এই লেতেৰা পদাৰ্থ সমূহ ওলাই যোৱাৰ ফলত আমাৰ ছালখন উজ্জল আৰু চাফা হৈ পৰে। গতিকে আপুনিও আপোনাৰ শৰীৰ চাফা কৰিবলৈ নিমৰ পাত গ্ৰহণ কৰিব পাৰে।

২. নিম গ্ৰহণৰ ফলত আমাৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি পায়। ফলত জ্বৰ, কাঁহ আদি বেমাৰৰ পাৰ আমি সহজে হাত হাৰিব পাৰো।

৩. কৃমি ৰোগত আক্ৰাান্ত সকলে নিম পাত গ্ৰহণ কৰিব পাৰে। কাৰণ নিম পাত খালে কৃমি নাশ হয়।

৪. সকলো প্ৰকাৰৰ খৰ, খজুৱতিৰ পৰা পৰিত্ৰাণ পাবলৈ মহানিমৰ পাত পানীত সিজাই গা ধুব লাগে।

৫. নিম পাতে বসন্ত ৰোগ প্ৰতিৰোধ কৰে।

৬. নিম গছ বাৰীত থাকিলে বিশুদ্ধ হয়।

৭. মূৰত ওকনি হ’লে গৰম পানীত নিম পাত সিজাই মূৰ ধুব লাগে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...