তৃণমূল কংগ্ৰেছী নেতাৰ দলবদ্ধ ধৰ্ষণৰ বলি বিজেপি কৰ্মীৰ পত্নী

গুৱাহাটী, ১০ আগষ্ট, NKTV:  পশ্চিম বংগত সংঘটিত এটা আশ্বৰ্যজনক ঘটনা পোহৰলৈ অহাৰ পিছতেই ব্যাপত আলোড়নৰ সৃষ্টি হৈছে। পশ্চিমবংগৰ অমতা বিধানসভাৰ বাগনান অঞ্চলত সংঘটিত এই ঘটনাই বিজেপি আৰু তৃণমূল কংগ্ৰেছ দলৰ মাজতো বিতৰ্কৰ সৃষ্টি কৰিছে। এজন বিজেপ কাৰ্যকৰ্তাই তেওঁৰ বোবা পত্নীক তৃণমূল কংগ্ৰেছী নেতাৰ এটা পাচজনীয়া দলে ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তৃণমূল কংগ্ৰেছৰ নেতা কেইজনৰ বিৰুদ্ধে বিজেপ কাৰ্যকৰ্তাজনে দাখিল কৰা এহাজাৰৰ ভিত্তিত আৰক্ষীয়ে দুজন জনাজাত তৃণমূল কংগ্ৰেছী নেতা আটক কৰিছে। পীড়িত মহিলাগৰাকীৰ ওপৰত পাচজন লোকে মিলি এই দুষ্কাৰ্ষ কাৰ্য সংঘটিত কৰা কথা বিজেপি কৰ্মকৰ্তাজনে জানিবলৈ দিছে। অভিযোগ অনুসৰি শনিবাৰে এই ঘটনাটো সংঘটিত হৈছিল। আটকাধীন লোক কেইজনক আজি উলৱেৰিয়া চাব-ডিভিজন ক’ৰ্টত হাজিৰ কৰোৱা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ

সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত শনিবাৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত...

হৰিয়ানাৰ টেনিছ খেলুৱৈ ৰাধিকাক কিয় হত্যা কৰিলে পিতৃয়ে?

কন্যাৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰাৰ কটাক্ষই দীপক যাদৱৰ আত্মসন্মানত...

ৰিজাৰ্ভ বেংকে ক’লে ‘অবৈধ নহয়’; ২০০০ টকীয়া নোট এতিয়াও আছে নেকি? তেন্তে কি কৰিব?

২০২৩ চনত ২০০০ টকীয়া নোট বজাৰৰ পৰা প্ৰত্যাহাৰ কৰা...

এইবাৰ ভাৰতীয় ৰে’লৱেৰ বাবে কাম কৰিব TATAই, চুক্তি স্বাক্ষৰিত

টাটা অটো-কম্প চিষ্টেমছ আৰু ইউৰোপৰ স্কোডা গ্ৰুপে এখন নতুন...