তৃণমূল কংগ্ৰেছী নেতাৰ দলবদ্ধ ধৰ্ষণৰ বলি বিজেপি কৰ্মীৰ পত্নী

গুৱাহাটী, ১০ আগষ্ট, NKTV:  পশ্চিম বংগত সংঘটিত এটা আশ্বৰ্যজনক ঘটনা পোহৰলৈ অহাৰ পিছতেই ব্যাপত আলোড়নৰ সৃষ্টি হৈছে। পশ্চিমবংগৰ অমতা বিধানসভাৰ বাগনান অঞ্চলত সংঘটিত এই ঘটনাই বিজেপি আৰু তৃণমূল কংগ্ৰেছ দলৰ মাজতো বিতৰ্কৰ সৃষ্টি কৰিছে। এজন বিজেপ কাৰ্যকৰ্তাই তেওঁৰ বোবা পত্নীক তৃণমূল কংগ্ৰেছী নেতাৰ এটা পাচজনীয়া দলে ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তৃণমূল কংগ্ৰেছৰ নেতা কেইজনৰ বিৰুদ্ধে বিজেপ কাৰ্যকৰ্তাজনে দাখিল কৰা এহাজাৰৰ ভিত্তিত আৰক্ষীয়ে দুজন জনাজাত তৃণমূল কংগ্ৰেছী নেতা আটক কৰিছে। পীড়িত মহিলাগৰাকীৰ ওপৰত পাচজন লোকে মিলি এই দুষ্কাৰ্ষ কাৰ্য সংঘটিত কৰা কথা বিজেপি কৰ্মকৰ্তাজনে জানিবলৈ দিছে। অভিযোগ অনুসৰি শনিবাৰে এই ঘটনাটো সংঘটিত হৈছিল। আটকাধীন লোক কেইজনক আজি উলৱেৰিয়া চাব-ডিভিজন ক’ৰ্টত হাজিৰ কৰোৱা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...

ডিব্ৰুগড়ৰ পৰা বাংলাদেশলৈ পুনৰ আৰম্ভ হ’ল আন্তঃৰাষ্ট্ৰীয় জলপথেৰে বাণিজ্য

স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে বগীবিলৰ পৰা বাংলাদেশলৈ ৰপ্তানি হ’ব...

বিশ্বৰ ৬নম্বৰ খেলুৱৈক হৰুৱাই ইতিহাস অনাহত সিঙৰ, এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশ

এছিয়ান গেমছ ২০২৬ত ভাৰতীয় স্কোৱাছ খেলুৱৈ অনাহত সিঙে দেখুৱালে...