দৈহিক সৌন্দৰ্যৰে ক্ৰীড়াপ্ৰেমীৰ মন মুহিবলৈ সক্ষম হোৱা কেইগৰাকীমান অলিম্পিয়ান

0 32

সামৰণি পৰিল টকিঅ’ অলিম্পিক ২০২০। এইবাৰৰ অলিম্পিকত অংশ লোৱা কেইবাগৰাকীও মহিলা খেলুৱৈয়ে নিজৰ ক্ৰীড়া প্ৰতিভাৰ সমান্তৰালকৈ বিশ্ববাসীৰ সন্মুখত কিছু পৃথক ধৰণে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। সেই সকলৰ ভিতৰত শীৰ্ষত আছে এলিছন ফেলিক্স

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ট্ৰেক এণ্ড ফিল্ডৰ খেলুৱৈ গৰাকীয়ে নিজৰ দৈহিক সৌন্দৰ্যৰে বিশ্বৰ ক্ৰীড়াপ্ৰেমীৰ মন মুহিবলৈ সক্ষম হৈছে। পঞ্চমবাৰৰ বাবে অলিম্পিকত অংশ লোৱা ৩৫ বছৰীয়া খেলুৱৈ গৰাকীয়ে ৪শ মিটাৰ ৰিলেত ব্ৰঞ্জ আৰু 4×400 মিটাৰ ৰিলেত অংশ লৈ স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। 

এলিছা স্মিট

জাৰ্মানীৰ ট্ৰেক এণ্ড ফিল্ডৰ খেলুৱৈ গৰাকীক এই মুহূৰ্তত সৰ্বাধিক যৌন আবেদনময়ী খেলুৱৈ হিচাপে গণ্য কৰা হৈছে।

২১ বছৰীয়া খেলুৱৈ গৰাকীয়ে ২০১৭ চনৰ ইউৰোপীয়ান এথলেটিকছ অনুৰ্ধ-২০ চেম্পিয়নশ্বিপত জাৰ্মানীক 4×400 ৰিলেত ৰূপৰ পদক অৰ্জন কৰি খ্যাতি বুটলিবলৈ সক্ষম হৈছিল। অৱশ্যে, এইবাৰৰ অলিম্পিকত পদক অবিহনে উভতি যাব লগা হ’ল এলিছা স্মিট।

জাপানৰ টেনিছ খেলুৱৈ নাওমি ওচাকা

টকিঅ’ ২০২০ ওচাকাৰ জীৱনৰ প্ৰথমখন অলিম্পিক। নিজৰ দেশত অনুষ্ঠিত বিশ্বৰ সৰ্ববৃহত ক্ৰীড়া মহোত্সৱখনিত কিন্তু ভবাৰ দৰে সফলতা লাভ কৰিবলৈ সক্ষম নহ’ল ওচাকা। পদক অবিহনেই ঘৰমুৱা হ’বলগীয়া খেলুৱৈ গৰাকী। 

গেয়ৰ্গেন মলিন

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ট্ৰেক এণ্ড ফিল্ডৰ খেলুৱৈ গৰাকীয়ে পিঠিৰ আঘাতৰ বাবে ৰিঅ’ ২০১৬ৰ পৰা বঞ্চিত হৈছিল। গেয়ৰ্গেন মলিনে ২০১২ চনৰ লণ্ডন অলিম্পিকত চাৰিশ মিটাৰ Hurdlesত পঞ্চমস্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল।

ষ্টিফেনি গিলমোৰ

অষ্ট্ৰেলিয়াৰ চাৰ্ফিং অলিম্পিয়ান গিলমোৰ সাতবাৰৰ বিশ্ব চেম্পিয়ন। ষ্টিফেনি গিলমোৰে চমকপ্ৰদ চাৰ্ফিঙেৰে বিশ্বৰ ক্ৰীড়াপ্ৰেমীৰ মন মুহিবলৈ সক্ষম হৈছে। যদিও এইবাৰ পদকবিহীন ভাৱেই অলিম্পিক যাত্ৰা সামৰিবলগীয়া হয় খেলুৱৈ গৰাকীয়ে।

স্লোভেনিয়াৰ ৰক ক্লাইম্বিঙৰ খেলুৱৈ জাঞ্জা গাৰ্ণব্ৰেট হৈছে লীড ক্লাইম্বিং আৰু বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ দৰে গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাত সামগ্ৰিক খিতাপ জয় কৰা প্ৰথম গৰাকী মহিলা। এইবাৰৰ অলিম্পিকত সোণৰ পদক অৰ্জন কৰি দেশৰ পদক তালিকা উজলাবলৈ সক্ষম হৈছে সুন্দৰী অলিম্পিয়ান গৰাকীয়ে।

জামাইকাৰ দানুচিয়া ফ্ৰান্সিছ নামৰ জিমনাষ্ট গৰাকীয়েও এইবাৰ বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। লণ্ডন  আৰু ৰিঅ’ অলিম্পিকত বাদ পৰাৰ পিছত,  ফ্ৰান্সিছে অৱশেষত অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছে আৰু অলিম্পিকত জামাইকাক প্ৰতিনিধিত্ব কৰা দ্বিতীয় জিমনাষ্ট হিচাপে পৰিগণিত হৈছে। অৱশ্যে পদক অবিহনেই টকিঅ’ যাত্ৰা সামৰিবলগীয়া হয় দানুচিয়া ফ্ৰান্সিছে।

লেটিচিয়া বুফনি – ব্ৰাজিলৰ ৰ’ড স্কেটবৰ্ডিঙ খেলুৱৈ। বুফনীয়ে স্কেটবৰ্ডিঙৰ সমান্তৰালকৈ দৈহিক সৌন্দৰ্যৰ বাবেও বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অৱশ্যে, শূণ্য পদকেৰে টকিঅ’ৰ পৰা উভতিবলগীয়া হয় খেলুৱৈ গৰাকী।

চিম’ন বাইলছ – আমেৰিকা যুক্তৰাষ্ট্ৰৰ জিমনাষ্ট। এইবাৰৰ অলিম্পিকত Women’s artistic team all-aroundত ৰূপৰ পদক আৰু Women’s balance beamত ব্ৰঞ্জৰ পদক অৰ্জন কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ পদক তালিকাখন সমৃদ্ধ কৰিছে।

মাৰ্টা ফিডিনা – ইউক্ৰেইনৰ শৈল্পিক সাঁতোৰৰ অলিম্পিয়ান। ফিডিনা চাৰিবাৰৰ বিশ্ব পদক বিজয়ী, ফিডিনাই ২০১৯চনৰ ফিনা বিশ্ব চেম্পিয়নশ্বিপত একক, দ্বাদশ আৰু দলীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। ১৯ বছৰীয়া ফিডিনাই এইবাৰৰ অলিম্পিকত Women’s duet Artistic swimmingত ব্ৰঞ্জ আৰু Women’s team Artistic swimmingত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।

স্বেতলানা কনষ্টাণ্টিনোভনা কলেচনিচেঙ্কো– সমকালীন সাঁতোৰত এগৰাকী ৰাছিয়ান প্ৰতিযোগী। লগতে দুবাৰকৈ অলিম্পিক চেম্পিয়ন। World Aquatics Championshipsত ১৬ টা স্বৰ্ণ পদকৰ লগতে এল.ই.এন. ইউৰোপিয়ান একুৱেটিকছ চেম্পিয়নশ্বিপত ৮টা স্বৰ্ণ পদক অৰ্জন কৰাৰ লগতে ২০১৩ চনৰ ছামাৰ ইউনিভাৰ্চিয়াডত ২টা স্বৰ্ণ জয় কৰিছিল। এইবাৰৰ স্বেতলানাই  Women’s duet Artistic swimmingত স্বৰ্ণ পদক আৰু Women’s team Artistic swimmingতো স্বৰ্ণ পদকেৰে Russian Olympic Committeeৰ পদকৰ তালিকা সমৃদ্ধ কৰিছে। উল্লেখ্য যে, এইবাৰ ৰাছিয়াই ড’পিঙৰ অভিযোগত ROC অৰ্থাত Russian Olympic Committee শীৰ্ষক নামেৰে অলিম্পিকত অংশ লৈছে।

Leave A Reply

Your email address will not be published.