নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ দৰে মঞ্চত সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এটা দৰ্শন৷ আমি এই ক্ৰিকেটীয় দৰ্শনক কেতিয়াও দলৰ ৰণনীতিৰ পৰা বাদ নিদিওঁ৷ কাৰণ ভাৰতৰ লগতে বিশ্ব ক্ৰিকেটৰ ভৱিষ্যতক উজ্বল তথা মজবুত কৰি ৰাখিবলৈ নৱাগতক নিজৰ প্ৰতিভা বিকাশ কৰাৰ সুযোগ আই পি এলৰ দৰেই মঞ্চই দিবই লাগিব৷’ এই মন্তব্য ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষক তথা ক্ৰিকেট অধ্যক্ষৰো দায়িত্বত থকা কুমাৰ ছাংগাকাৰাৰ৷ উল্লেখ্য যে চলিত ১৯ সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল-২০২৬] ৰ কাইলৈ গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত হ’বলগা মেচত ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব৷

আজি সংবাদমেলত আৰ আৰ দলৰ শ্ৰীলংকান কিংবদন্তী ক্ৰিকেটাৰজনে নতুন ছিজন তথা কাইলৈৰ প্ৰথম মেচত এটা ভাৰসাম্য দলৰে উন্নত ক্ৰিকেট খেলিব বুলি আত্মবিশ্বাসৰে ব্যক্ত কৰে৷ অৱশ্যে মুল একাদশ বা বেটিং-বলিং কম্প’জিছনক লৈ কোনো মন্তব্য প্ৰকাশ কৰা নাই প্ৰশিক্ষকজনে৷ ইফালে, অসম সন্তান ৰিয়ান পৰাগক দলৰ স্থায়ী অধিনায়কৰ দায়িত্ব দিয়াক লৈ মন্তব্য প্ৰকাশ কৰি ছাংগাকাৰাই কয় যে ৰিয়ানৰ লগত জাদেজা, সন্দিপ শৰ্মা, জুৰেল, জয়ছোৱালো অধিনায়কৰ তালিকাত আছিল৷ কিন্তু সকলোৰে লগত আলোচনা কৰি তথা যোৱা ছিজনত আৰ আৰ দলক নেতৃত্ব দিয়াৰ অভিজ্ঞতাৰ ফালৰ পৰা ৰিয়ানক নিৰ্বাচিত কৰা হৈছে৷ ‘মই নিজেও অধিনায়ক আছিলো৷ কেৰিয়াত বহু ভুল কৰিছো৷ কিন্তু অধিনায়কৰ দায়িত্ব হ’ল দলটোক একগোট কৰি ৰখা৷ ৰিয়ান এইদিশত অভিজ্ঞ তথা দক্ষ৷’ ছাংগাকাৰাই কয়৷ আই পি এলৰ নতুন নিলামৰ সুবিধা লাভ কৰাত ৰাজস্থান ৰয়েলছে এটা ভাৰসাম্য দল গঠন কৰিবলৈ সক্ষম হৈছে বুলিও তেওঁ ব্যক্ত কৰে৷

উল্লেখ্য যে অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ উদ্বোধনী বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে এইবাৰ সাতখন ঘৰুৱা মেচৰ হাইভল্টেজ তিনিখন খেল গুৱাহাটীত খেলিব৷ সেই অনুসৰি কাইলৈ [৩০ মাৰ্চ] গুৱাহাটীত হ’বলগা প্ৰথমখন মেচত ৰাজস্থান ৰয়েলছ পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ’ব৷ আনহাতে, অহা সাত এপ্ৰিলত এ চি এ ষ্টেডিয়ামৰ দ্বিতীয়খন মেচত ৰাজস্থান ৰয়েলছৰ প্ৰতিদ্বন্দ্বী হ’ব পাচবাৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ৷ ইফালে, বিগত আই পি এলৰ চেম্পিয়ন আৰ চি বিয়ে অহা ১০ এপ্ৰিলত গুৱাহাটীত হ’বলগা তৃতীয় মেচখনত ৰাজস্থান ৰয়েলছৰ মুখামুখি হ’ব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...