বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ; গুৱাহাটী মহানগৰীলৈ ভাবুকি!

গুৱাহাটী, ৬ জুলাই, NKTV: বিগত কেইদিনমানৰ পৰা ৰাজ্যত অব্যাহত ধাৰাসাৰ বৰষুণৰ ফলস্বৰূপে বৃদ্ধি পাইছে মহাবাহু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। যাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীলৈ ভাবুকি কঢ়িয়াইছে বৰ্ধিত পানীয়ে। এতিয়া ব্ৰহ্মপুত্ৰৰ ক্ৰমশ বৰ্ধমান পানীয়ে বিপদসীমা চুইছেগৈ। উজনি অসমৰ লগতে অৰুণাচল প্ৰদেশত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলতেই বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ। কেন্দ্ৰীয় জল আয়োগে সদৰি কৰা মতে, প্ৰতিদিনেই ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ১০ৰ পৰা ২০ ইঞ্চি পৰ্যন্ত বৃদ্ধি পাইছে। ৰাজ্যৰ লগতে অৰুণাচলত অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলতেই দিনক দিনে বৃদ্ধি পাইছে মহাবাহুৰ জলধাৰা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...