আৰক্ষীৰ নিৰ্যাতনৰ বলি হৈ নিজকে শেষ কৰি পেলালে নেকি দীপাংকৰে?

আৰক্ষীৰ নিৰ্যাতনৰ বলি হৈয়ে নিজকে শেষ কৰি পেলালে নেকি যোৰহাটৰ দীপাংকৰ গগৈয়ে? পৰিয়ালে উত্থাপন কৰা অভিযোগ কিমান সঁচা! এইবাৰ যোৰহাটৰ আৰক্ষী অধীক্ষকৰ এখন বিস্ফোৰক সংবাদমেল। দীপাংকৰ মোবাইলত কেতবোৰ চাঞ্চল্যকৰ তথ্য উদ্ধাৰ কৰিছে আৰক্ষীয়ে। অস্ত্ৰ সবৰাহৰ পৰা আৰম্ভ কৰি ধনৰ লেনদনেলৈ, সকলো তথ্য লাভ কৰিছে আৰক্ষীয়ে। জংঘলত নাথাকিলেও, বাহিৰত থাকি দীপাংকৰে আলফা স্বাধীনৰ হৈ কাম কৰি আছিল বুলি সন্দেহ।

দীপাংকৰ আলফা(স্বাঃ)ৰে জড়িত আছিলনে নাই?
দীপাংকৰ যোৰহাটৰ বিস্ফোৰণৰ সৈতে জড়িত আছিলনে নাই?
পৰিয়ালৰ অভিযোগ সঁচা
নে আৰক্ষী শুদ্ধ?

পৰিয়ালৰ গুৰুতৰ অভিযোগ আলফাত যোগদান কৰিবলৈ গৈছিল যদিও আজি ৪-৫ বছৰে খেতি-বাতি কৰি আছিল দীপাংকৰ গগৈয়ে। নিৰীহ ল’ৰাটোক নিৰ্যাতন চলাই নিজক শেষ কৰিবলৈ বাধ্য কৰোৱালে আৰক্ষীয়ে। সোধা-পোছাৰ নামত কৰা হাৰাশাস্তিৰ বাবেই দীপাংকৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগ। কিন্তু যোৰহাটৰ আৰক্ষী সঞ্চালকপ্ৰধানে সদৰি কৰিছে কেতবোৰ বিস্ফোৰক তথ্য।
২০১৯ত আলফা(স্বা)ত যোগদান কৰিছিল দীপাংকৰে
আত্মসমৰ্পনৰ পাছত আছিল অৰুণাচলৰ জে’লত
তিতাবৰলৈ অহাৰ পাছতো দীপাংকৰৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ
পুনৰ জে’ললৈ গৈছিল দীপাংকৰ

১৪ ফেব্ৰুৱাৰীত যোৰহাটত ঘটা বিস্ফোৰণৰ ঘটনাক বহুতক সোধা-পোছা কৰিছিল আৰক্ষীয়ে।
যোৰহাটত আছে ১৫০জন ছালফা।

৭০-৮০জন যুৱকে বিগত সময়ত দিছিল আলফা(স্বা) সম্পৰ্কীয় পোষ্ট
তেওঁলোককো সোধা-পোছা আৰক্ষীৰ
কিন্তু দীপাংকৰৰ ফোনত আৰক্ষীয়ে লাভ কৰিছে কেতবোৰ সন্দেহজনক আৰু চাঞ্চল্যকৰ তথ্য। ফোনত কোডৱৰ্ডত বহু কথা পাতিছিল দীপাংকৰে। মেছেজ কৰিছিল।
অস্ত্ৰ সৰবৰাহ সম্পৰ্কীয় কথোপকথন দীপাংকৰৰ মোবাইলত
গ্ৰেপ্তাৰ হোৱা সঞ্জীৱ শৰ্মাৰেও কথোপকথন দীপাংকৰৰ

সোধা-পোছা চিচিটিভিৰ নিৰীক্ষণত হৈছিল। নিৰ্যাতনৰ কোনো কথাই নাই। স্পষ্ট কৰিলে আৰক্ষী সঞ্চালকপ্ৰধানে।

৫-৮ ডিচেম্বৰত দীপাংকৰ গৈছিল অৰুণাচললৈ
দীপাংকৰৰ ফোনত অজ্ঞান উৎসৰ পৰা ধন অহাৰ তথ্য

শিৱসাগৰত আৰক্ষীয়ে গুলীওৱা পল্লৱজ্যোতি গগৈৰ সৈতেও সঘন যোগাযোগ হৈছিল দীপাংকৰৰ। আনটো বাদেই অস্ত্ৰ ক্ৰয় কৰা, ধনৰ লেনদেন কৰাৰ তথ্যও লাভ কৰিছে আৰক্ষীয়ে।

এনেদৰেই ইটোৰ পাছত সিটো বিস্ফোৰক তথ্য সদৰি কৰিলে আৰক্ষী অধীক্ষকে। আৰক্ষী নিশ্চিত আলফা(স্বাঃ)ৰ পৰা আঁতৰলৈ আহিও গোপনে সক্ৰিয় সদস্যৰ দৰেই কাম কৰি গৈছিল দীপাংকৰ গগৈয়ে। আৰক্ষী সঞ্চালকপ্ৰধানৰ নিৰ্দেশমতে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। ইয়াৰ পাছত কি হ’ব। কি হ’ব পৰিয়ালৰ প্ৰতিক্ৰিয়া। সেয়া হ’ব লক্ষণীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...