ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্টত দলত নাথাকিব বিৰাট কোহলি

ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্টত দলত নাথাকিব বিৰাট কোহলি
কি ব্যক্তিগত কাৰণত দলত নাথাকিল বিৰাট কোহলি?

ব্যক্তিগত কাৰণত কোহলিয়ে টেষ্ট শৃংখলাৰ প্ৰথম দুখন টেষ্টত উপস্থিত নাথাকিব বুলি সদৰী কৰিছে BCCIএ। লগতে কোহলিৰ এই ব্যক্তিগত কাৰণ সন্দৰ্ভতো অনাহক চৰ্চা নকৰিবলৈও আহ্বান BCCIৰ। কিন্তু সূত্ৰ মতে বিৰাট কোহলিৰ পত্নী অনুষ্কা সন্তানসম্ভৱা। দ্বিতীয়বাৰৰ বাবে পিতৃ হোৱাৰ পথত আগবাঢ়িছে বিশ্ব ক্ৰিকেটৰ তাৰকা খেলুৱৈজন। সেয়ে সন্তান জন্ম হোৱাৰ সময়ত পত্নীৰ কাষত থাকিব বিচাৰিছে তাৰকা বেটচমেনজনে। ভাৰতীয় টেষ্ট দলত কোহলিৰ অনুপস্থিতিয়ে নিঃসন্দেহে টীম ইণ্ডিয়াৰ বাবে ক্ষতিকাৰক হ’ব। অহা ২৫ জানুৱাৰীৰ পৰা আছিল ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ ৫খনীয়া শৃংখলাৰ প্ৰথমখন টেষ্ট। বিশ্ব টেষ্ট শৃংখলাত অগ্ৰগতি লোৱাৰ বাবে এই শৃংখলা ভাৰতৰ বাবে আছিল অন্যতম গুৰুত্বপূৰ্ণ। ভাৰতীয় টেষ্ট দলত নাম অন্তৰ্ভুক্ত হ’লেও প্ৰথম টেষ্ট আৰম্ভ হোৱাৰ ৩ দিন পূৰ্বে হঠাৎ বিৰাট কোহলিৰ দলৰ পৰা নাম প্ৰত্যাহাৰৰ ঘটনাই স্বাভাৱিকতে সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্য। সিদ্ধান্ত লোৱাৰ পূৰ্বে অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে দীঘলীয়া আলোচনা কোহলিৰ।

আলোচনাত বহিল প্ৰশিক্ষক ৰাহুল দ্ৰাৱিড়ৰে, জনালে BCCIকো
BCCIএ কোহলিক অব্যাহতি দিয়া বুলি জনালে সম্পাদক জয় শ্বাহে

কোহলিৰ সাময়িক অব্যাহতিৰ পিছত প্ৰশ্ন উঠিছে টীম ইণ্ডিয়াত কোহলিৰ স্থান পূৰণ কৰিব কোনে। ভাৰতীয় দলৰ আটাইতকৈ নিৰ্ভৰযোগ্য খেলুৱৈজন হৈছে বিৰাট কোহলি।

কোহলিৰ অনুপস্থিতিত দলত সোমাব কোন?
চৰ্চাত ৰজত পাটিদাৰ, ছৰফৰাজ খান, শ্বেতেশ্বৰ পূজাৰা, ৰিংকু সিং
ভাৰতীয় A দলৰ হৈ খেলি দুৰ্দান্ত প্ৰদৰ্শন পাটিদাৰৰ
একাদিক্ৰমে দুখন টেষ্টত কৰিছে দুৰন্ত শতক
অন্যতম দাবীদাৰ হৈছে ছৰফৰাজ খানো
ভাৰতীয় A দলৰ হৈ সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে ছৰফৰাজ খানে
ৰঞ্জীত ভাল খেলাৰ সুবাদত টীম ইণ্ডিয়াত স্থান পাব পাৰে শ্বেতেশ্বৰ পূজাৰায়ো
ৰঞ্জীত ২৪২ ৰানৰ অনবদ্য ইনিংছ পূজাৰাৰ
প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ২০ হাজাৰ ৰান পূৰ্ণ কৰিলে পূজাৰাই

ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাৰ প্ৰথম দুখন টেষ্টত কোহলিৰ অনুপস্থিতিয়ে কি প্ৰভাৱ পেলাই সেয়া লক্ষণীয় হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে নহৰুৱে

প্ৰকৃতিৰ এক সহজলভ্য আৰু শক্তিশালী ঔষধি উপাদান নহৰু (Garlic)...

দিনটোত ৩–৪ কাপ কফি সেৱন কৰিলে শৰীৰৰ জৈৱিক বয়স বৃদ্ধি লেহেমীয়া হয়; নতুন গৱেষণা

এটা নতুন গৱেষণাত দেখা গৈছে যে দৈনিক তিনিৰ পৰা...