পাঠকৰ মাজলৈ আহিল বিজয় সাৰথি শৰ্মাৰ প্ৰথমখন উপন্যাস ‘প্ৰেম এনেকুৱাই’

যোৰহাট, ২৫ মে’: অসম তথা অসমীয়াৰ জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ স্বৰূপ অসম সাহিত্য সভাৰ জন্মৰ পূৰ্বেই গঠন হোৱা তথা শতবর্ষ গৰকি মহিমামণ্ডিত হোৱা যোৰহাট সাহিত্য সভাৰ উদ্যোগত আৰু গুৱাহাটীৰ আমোলন প্ৰকাশনৰ সহযোগত আজি যোৰহাটৰ দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনৰ সভাগৃহত অনুষ্ঠিত হয় এক গ্ৰন্থ উন্মোচনী সভা। সভাত গুৱাহাটীৰ নিবাসী লেখক, শিক্ষাবিদ বিজয় সাৰথি শৰ্মাৰ প্ৰথমখন উপন্যাস তথা দ্বিতীয়খন গ্ৰন্থ ‘প্ৰেম এনেকুৱাই’ উন্মোচন কৰা হয়। যোৰহাট সাহিত্য সভাৰ উপ সভনেত্ৰী উষা বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিজয় সাৰথি শৰ্মাৰ উপন্যাস ‘প্ৰেম এনেকুৱাই’ উন্মোচন কৰে যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰাচ্যবিদাৰ্ণব ডঃ মহেশ্বৰ নেওগ অসম তত্ব গৱেষণা সংস্থাৰ সঞ্চালক ডঃ ৰাতুল চন্দ্ৰ বৰাই।

যোৰহাট সাহিত্য সভাৰ সম্পাদক উত্তম কুমাৰ হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি গ্ৰন্থখনৰ প্ৰকাশক আমোলন প্ৰকাশনৰ ৰমেন্দ্ৰ কুমাৰ ভূঞাই গ্ৰন্থখন প্ৰকাশৰ সন্দৰ্ভত উল্লেখ কৰে। অনুষ্ঠানত উপস্থিত থাকি উপন্যাখনৰ লেখক বিজয় সাৰথি শৰ্মাই নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে, ”এখন গ্ৰন্থ লিখাৰ প্ৰক্ৰিয়া অকলশৰীয়া, কষ্টকৰ আৰু দীঘলীয়া। পূৰ্বতে মই গল্প লিখিছিলো যদিও বহুতে কৈছিল যে উপন্যাসৰ স্থায়িত্ব বেছি। সেইবাবে উপন্যাস লিখিবলৈ জোৰ দিছিল। আৰু সকলোৰে অনুপ্ৰেৰণাৰ ফচল ‘প্ৰেম এনেকুৱাই’।” বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৰাজা চক্ৰৱৰ্তী, নিৰোড চাংকাকতি, আৰতি শৰ্মাই। চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত উপস্থিত থাকি বক্তব্য প্ৰদান কৰে যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ভৱ গোস্বামী, কবি, গীতিকাৰ নলিনীৱালা হাজৰিকা, বিশিষ্ট লেখিকা ৰুবি শইকীয়া প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...