আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত বিমানখনত প্ৰাঃ মুখ্যমন্ত্ৰী বিজয় ৰূপাণী আছিল নেকি?

আহমেদাবাদ বিমানবন্দৰৰ ওচৰত ভাঙি পৰা এয়াৰ ইণ্ডিয়াৰ বিমানখনত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপাণী আছিল নেকি? কেইবাটাও সূত্ৰত এনে দাবী কৰা হৈছে। বিমানখনৰ যাত্ৰী তালিকাত তেওঁৰ নাম আছিল। তেওঁৰ ঘনিষ্ঠ প্ৰশান্ত ভালাই আনন্দবাজাৰ ডট কমক জনাইছে যে, তেওঁ বিজয়ক বিমানবন্দৰত থৈ আহিছে। তেওঁৰ লণ্ডনলৈ যোৱাৰ কথা আছিল এই বিমানখনত। যাত্ৰীসকলক বিমানলৈ নিয়া বাছতো তেওঁ উঠিছিল। কিন্তু তেওঁ বিমানত উঠিছিল নে নাই, এতিয়াও নিশ্চিত হোৱা নাই।

দুৰ্ঘটনাগ্ৰস্ত বিমানখন আহমেদাবাদৰ টাৰ্মিনেল ২ৰ পৰা উৰা মাৰিছিল। ৯ ঘণ্টা ৪৫ মিনিটৰ উৰণৰ পিছত তেওঁৰ অৱতৰণৰ কথা আছিল।

২০১৬ৰ পৰা ২০২১ চনলৈ বিজয় ৰূপাণী গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল। তেওঁ ৰাজকোট পশ্চিমৰ বিধায়কো আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিৰ পিছত ৰাজ্যবাসীলৈ পৰিবহন মন্ত্ৰীৰ আহ্বান

দেশজুৰি পেট্ৰ’ল আৰু ডিজেলৰ দাম বৃদ্ধি পোৱাৰ সময়তে অসমৰ...

জনজাতি সুৰক্ষা মঞ্চৰ সংবাদমেল; ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে সৰৱ

গুৱাহাটীৰ কেশৱ ধামত জনজাতি সুৰক্ষা মঞ্চ, অসম প্ৰদেশৰ এখন...

চৰৰ মুছলমান প্ৰসংগত অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্যই জোকাৰিছে ৰাজ্য

চৰৰ মুছলমান প্ৰসংগত অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্য।মুছলমান মানেই...

আকাশমাৰ্গতে দুখন যুদ্ধ বিমানৰ ভয়ংকৰ সংঘৰ্ষ

আমেৰিকাত এয়াৰ শ্ব’ৰ মাজতে শিহৰণকাৰী দুৰ্ঘটনা।আকাশমাৰ্গতে দুখন যুদ্ধ বিমানৰ...