আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পিছতে এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত

গুজৰাটৰ মেঘানিনগৰত বিমান দুৰ্ঘটনা। আহমেদাবাদ বিমানবন্দৰৰ ওচৰত জ্বলি উঠিল এখন যাত্ৰীবাহী বিমান। প্ৰাথমিকভাৱে জনা গৈছে যে, বিমানখনত বহু যাত্ৰী আছিল। উৰণৰ কিছু সময়ৰ পিছতে বিমানখন ভাঙি পৰাৰ ফলত বহু প্ৰাণহানিৰ আশংকা কৰা হৈছে। ভাঙি পৰাৰ পিছতেই বিমানখনত জুই লাগি যায়। ঘটনাস্থলীত উপস্থিত হৈছে অগ্নিনিৰ্বাপক বাহিনীৰ সাতটাকৈ দল। আহতসকলক উদ্ধাৰ কৰি স্থানীয় চিভিল হাস্পতাললৈ নিয়া হৈছে। বিমানখনত বহু যাত্ৰী আছিল বুলি খবৰ পোৱা গৈছে যদিও ঠিক কিমানজন আছিল, সেয়া এতিয়াও স্পষ্ট নহয়। সংবাদ সংস্থা এএনআইয়ে গুজৰাট পুলিচৰ উদ্ধৃতি দি জনাইছে যে, বিমানখনত বিমানকৰ্মী আৰু যাত্ৰী মিলি মুঠ ২৪২ গৰাকী আছিল।

আন এক সংবাদ সংস্থা ৰয়টাৰ্ছৰ মতে, এয়াৰ ইণ্ডিয়াৰ বিমানখন ব্ৰিটেইনৰ বাৰ্মিংহামৰ উদ্দেশ্যে ৰাওনা হৈছিল। বিমানখনত ১৩৩ জন আছিল।

অন্য কেইবাটাও সূত্ৰৰ দাবী, বিমানখন আহমেদাবাদৰ পৰা লণ্ডনৰ উদ্দেশ্যে গৈ আছিল। যদিও এই বিষয়ে নিশ্চিত কিবা জনা হোৱা নাই। বিমানখন কোন বিমান সংস্থাৰ, তাক লৈও একাধিক মত আছে। বৰ্তমান দুৰ্ঘটনাস্থলীৰ চাৰিওফালৰ সকলো ৰাস্তা বন্ধ কৰি দিয়া হৈছে। চলি আছে উদ্ধাৰকাৰ্য। স্থানীয় সূত্ৰৰ খবৰ অনুসৰি, বিমানখন উৰাৰ কিছু সময়ৰ পিছতেই ভাঙি পৰে। ফলত বিমানখন বেছি উচ্চতালৈ উঠিব নোৱাৰিলে।

ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ সৈতে ফোনত কথা পাতিছে। গুজৰাট চৰকাৰক সকলো প্ৰকাৰৰ প্ৰয়োজনীয় সহায়ৰ আশ্বাস দিছে তেওঁ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...