ধৰ্ষণ, যৌন নিৰ্যাতন, এচিড আক্ৰমণৰ ভুক্তভোগীয়ে নাপালে ক্ষতিপূৰণ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত ফাদিল হৈছে ৰাজ্যৰ গৃহ আৰু বিত্ত বিভাগৰ মাজত গুৰুতৰ সমন্বয়হীনতাৰ তথ্য। এই সমন্বয়হীনতা দৃষ্টিগোচৰ কৰিছে খোদ আদালতে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত সংঘটিত ধৰ্ষণ, যৌন নিৰ্যাতন, এচিড আক্ৰমণৰ দৰে ঘটনাৰ ভুক্তভোগীয়ে পাবলগীয়া ৪০ কোটি টকাৰ মাত্ৰ ৯ কোটি টকাহে মোকলাই দিছে বিত্ত বিভাগে। ভুক্তভোগী ক্ষতিপূৰণ আঁচনি’ ২০১২ৰ জৰিয়তে বিভিন্ন অপৰাধ কাণ্ডৰ ভুক্তভোগীক ক্ষতিপূৰণ দিয়াৰ নিয়ম। গুৱাহাটী হাইক’ৰ্টত দাখিল হোৱা এখন PILৰ শুনানি গ্ৰহণ কৰি স্তম্ভিত হৈ পৰে আদালত। গৃহ আৰু বিত্ত বিভাগৰ সমন্বয়হীনতাৰ বিষয়টো বিশেষভাৱে উল্লেখ কৰি ৰাজ্যৰ মুখ্য সচিবক শপতনামা দাখিলৰ নিৰ্দেশ দিছে আদালতে। ক্ষতিপূৰণৰ ধন কিয় উপলব্ধ কৰা নাই সেই কথা আদালতক শপতনামা যোগে জনাব লাগিব মুখ্য সচিবে।

ৰাজ্যৰ মুখ্য সচিব শপতনামা দাখিলৰ নিৰ্দেশ গুৱাহাটী হাইক’ৰ্টৰ
ভুক্তভোগীয়ে পাবলগীয়া ক্ষতিপূৰণৰ ধন কিয় উপলব্ধ হোৱা নাই?
আদালতক শপতনামাযোগে জনাব লাগিব ৰাজ্যৰ মুখ্য সচিবে
ধোঁৱাচাঙত অসম ভুক্তভোগী ক্ষতিপূৰণ আঁচনি ২০১২
ধৰ্ষণ, যৌন নিৰ্যাতন, এচিড আক্ৰমণৰ ভুক্তভোগীয়ে নাপালে ক্ষতিপূৰণ
ৰাজ্যৰ গৃহ আৰু বিত্ত বিভাগৰ গুৰুতৰ সমন্বয়হীনতা: হাইক’ৰ্ট


সমন্বয়হীনতা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত থকা গৃহ বিভাগ আৰু মন্ত্ৰী অজন্তা নেওগৰ হাতত থকা বিত্ত বিভাগক লৈ পোহৰলৈ আহিছে ডাঙৰ খবৰ। গৃহ আৰু বিত্ত বিভাগৰ মাজত গুৰুতৰ সমন্বয়হীনতা। আমি কোৱা নাই, গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে এই কথা।

ৰাজ্যৰ গৃহ আৰু বিত্ত বিভাগৰ গুৰুতৰ সমন্বয়হীনতাৰ বাবেই ক্ষতিপূৰণ লাভৰ পৰা বঞ্চিত হৈছে বহু অপৰাধ কাণ্ডৰ ভুক্তভোগী। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ সুমন শ্যামৰ আদালতৰ প্ৰশ্ন চৰকাৰক- আপোনালোকৰ হাতত ধন নাই নেকি? যদি আছে ভুক্তভোগীৰ বাবে কিয় উপলব্ধ হোৱা নাই পৰ্যাপ্ত পুঁজি? বাধ্য হৈ ৰাজ্যৰ মুখ্য সচিবক শপতনামা দাখিলৰ নিৰ্দেশ আদালতৰ।

এই সমগ্ৰ বিষয়টো পোহৰলৈ আহিছে এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ জৰিয়তে। অধিবক্তা সন্দীপ চমৰীয়াই চলিত বৰ্ষতে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল এই PIL খন। অসম ভুক্তভোগী ক্ষতিপূৰণ আঁচনি ২০১২ অনুসৰি হত্যা, ধৰ্ষণ, যৌন নিৰ্যাতন, এচিড আক্ৰমণৰ দৰে অপৰাধ সংঘটিত হোৱা অথবা ঘটনা পোহৰলৈ অহাৰ ১৫ দিনৰ ভিতৰত চৰকাৰে ভুক্তভোগীক ১ লাখকৈ টকা ক্ষতিপূৰণ হিচাপে দিয়াৰ নিয়ম। ভুক্তভোগীৰ তাৎক্ষণিক চিকিৎসা ব্যয়ৰ বাবে দিয়া হয় এই ধন।

কিন্তু  ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন খনৰ শুনানি গ্ৰহণ কৰি আদালতে লক্ষ্য কৰে যে, চৰকাৰে ভুক্তভোগীক দিবলৈ আছে ৪৪ কোটিৰো অধিক টকা। কিন্তু ৰহস্যজনক কাৰণত মাত্ৰ ৯ কোটি টকাহে মোকলাই দিছে চৰকাৰে। চলিত বৰ্ষৰ এপ্ৰিল মাহতে হোৱা শুনানিত আদালতে এই সন্দৰ্ভত দৰকাৰী পুঁজি মোকলাই দিবলৈ চৰকাৰক এক নিৰ্দিষ্ট প্ৰস্তাৱ ৰখাৰ নিৰ্দেশ দিছিল। কিন্তু আদালতৰ নিৰ্দেশৰ পিছতো সেয়া হৈ নুঠিল।

মে’ মাহত PIL খনক লৈ হোৱা শুনানিত ৰাজ্যৰ আইন বিভাগৰ চৰকাৰী অধিবক্তাই আদালতক জনাই যে এই সন্দৰ্ভত আইন আৰু বিত্ত বিভাগৰ মাজত এক বৈঠক অনুষ্ঠিত হৈ গৈছে। সেই বৈঠকতে ক্ষতিপূৰণৰ দৰকাৰী পুঁজি মোকলাবলৈ বিত্ত বিভাগক আইন বিভাগে প্ৰস্তাৱ দিবলগীয়া বিষয়টো নিশ্চিত হৈছিল। কিন্তু তাৰ পিছতো একো নহ’ল।

১০ জুন সোমবাৰে PIL খনক লৈ পুনৰ শুনানি হৈছিল। সোমবাৰে শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ সুমন শ্যামৰ আদালতে কয়- আদালতৰ নিৰন্তৰ নিৰীক্ষণৰ পিছতো ভুক্তভোগীৰ ক্ষতিপূৰণৰ ধন মোকলাই দিবলৈ চৰকাৰে একোৱেই নকৰিলে। শুনানিৰ পিছতে ৰাজ্যৰ গৃহ আৰু বিত্ত বিভাগৰ সমন্বয়হীনতাৰ বিষয়টো দৃষ্টিগোচৰ কৰে আদালতে। আদালতৰ মতে উভয় বিভাগৰ মাজত গুৰুতৰ সমন্বয়হীনতা হৈছে। গতিকে বাধ্য হৈ ৰাজ্যৰ মুখ্য সচিবক শপতনামা দাখিলৰ নিৰ্দেশ দিছে আদালতে।

অসম ভুক্তভোগী ক্ষতিপূৰণ আঁচনি ২০১২ নামৰ এখন আঁচনি কাৰ্যক্ষম হৈ থকাৰ পিছতো, তাৰ উপৰি বিষয়টোক লৈ আদালতৰ নিৰন্তৰ নিৰীক্ষণ পিছতো ভুক্তভোগীৰ ক্ষতিপূৰণৰ ধন কিয় উপলব্ধ হোৱা নাই সেয়া শপতনামাযোগে আদালতক জনাব লাগিব ৰাজ্যৰ মুখ্য সচিবে। গোচৰটোৰ শুনানিৰ পৰৱৰ্তী দিন ধাৰ্য কৰা হৈছে ১৬ জুলাইত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ...

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...