ইডেন গাৰ্ডেনত ইতিহাস ৰচনা, আটাইতকৈ কম বয়সীয়া বেটছমেন হিচাপে নতুন অভিলেখ!

ছৈয়দ মুস্তাক আলী ট্ৰফীত ইতিহাস ৰচনা কৰিলে বৈভৱ সূৰ্যবংশীয়ে। বিহাৰৰ ১৪ বছৰীয়া বেটছমেনজন ঘৰুৱা টি-২০ প্ৰতিযোগিতাত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। মঙলবাৰে ইডেন গাৰ্ডেনত মহাৰাষ্ট্ৰৰ বিৰুদ্ধে ৫৮টা বলত শতক সম্পূৰ্ণ কৰিলে বৈভৱে। আনহাতে, একেদিনাই পঞ্জাৱৰ বিৰুদ্ধে প্ৰতিযোগিতামূলক ক্ৰিকেটলৈ উভতি আহিছিল হাৰ্দিক পাণ্ডিয়া।

ছৈয়দ মুস্তাক আলী ট্ৰফীৰ আৰম্ভণিৰে পৰাই ক্ৰিকেট অনুৰাগীসকলে বৈভৱৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল। কিন্তু বিহাৰৰ উপ-অধিনায়কজন সফল হ’ব পৰা নাছিল। মঙলবাৰে অনুৰাগীক সন্তুষ্ট কৰিলে বৈভৱে। পৃথ্বী শ্ব’ৰ দলৰ বিৰুদ্ধে অ’পেনিং কৰি তেওঁ আৰম্ভণিৰে পৰাই নিজৰ আগ্ৰাসী বেটিং আৰম্ভ কৰিছিল। শতক সম্পূৰ্ণ কৰাৰ বাটত তেওঁৰ বেটৰ পৰা ৭টা চাৰি আৰু ৭টা ছয় আহিছিল। শেষত বৈভৱে ৬১টা বলত ১০৮ ৰানৰ অপৰাজিত ইনিংছ খেলে। তেওঁৰ শতকৰ বাবেই বিহাৰে মহাৰাষ্ট্ৰৰ বিৰুদ্ধে ২০ অভাৰত ৩ উইকেট হেৰুৱাই ১৭৬ ৰান সংগ্ৰহ কৰে। বৈভৱৰ উপৰিও আয়ুষ লোহাৰুকাই বিহাৰৰ হৈ ভাল বেটিং কৰে। ১৭টা বলত ২৫ ৰানত অপৰাজিত হৈ থাকে।

আনহাতে, আঘাতৰ পৰা আৰোগ্য লাভ কৰি খেলপথাৰলৈ উভতি আহিছে হাৰ্দিক। যোৱা এছিয়া কাপত আঘাতপ্ৰাপ্ত হৈছিল বৰোদাৰ অলৰাউণ্ডাৰজন। ভাৰতত ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ চিকিৎসা দলৰ পৰা ক্লিয়াৰেন্স লাভ কৰি মঙলবাৰে তেওঁক আৰম্ভণি একাদশত ৰাখিছিল ক্ৰুনাল পাণ্ডিয়াই। অৱশ্যে পঞ্জাৱৰ বিৰুদ্ধে ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে। হায়দৰাবাদৰ ২২ গজত ৪ অভাৰত ৫২ ৰান দি ১ উইকেট দখল কৰে পাণ্ডিয়াই।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ পূর্বে হাৰ্দিক সুস্থ হৈ ঘূৰি অহাটোৱে সূৰ্যকুমাৰ যাদৱক কিছু সকাহ দিব পাৰে৷ ক্ৰিকেট অনুৰাগীসকলো উৎফুল্লিত হৈ পৰিছে। মঙলবাৰে হায়দৰাবাদৰ খেলপথাৰত প্ৰৱেশ কৰে এজন ক্ৰিকেট অনুৰাগী। নিৰাপত্তাৰক্ষীক এৰাই চলি হাৰ্দিকৰ ওচৰ পালেগৈ অনুৰাগীজন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...