এজন ভাৰতীয় বংশোদ্ভৱ ৩৪ বছৰীয়া যুৱনেতাই কঁপাইছে আমেৰিকা

এজন ৩৪ বছৰীয়া যুৱনেতাই কঁপাইছে আমেৰিকা। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পকো প্ৰত্যাহ্বান জনোৱা সেই যুৱনেতাজনৰ নাম হৈছে জোহৰান কোৱানি মামদানী। ভাৰতীয় মূলৰ মামদানীয়ে এতিয়া পৃথিৱীৰ এখন অন্যতম বৃহৎ চহৰ নিউয়ৰ্ক চিটিৰ মেয়ৰ হিচাপে দায়িত্ব লাভ কৰিছে। যিখন চহৰত ২০০১ চনৰ ১১ ছেপ্টেম্বৰত পাকিস্তানী উগ্ৰপন্থী সংগঠন আল-কায়দাই World Trade Centreৰ টুইন টাৱাৰত আক্ৰমণ চলাই সমগ্ৰ বিশ্ব কঁপাই তুলিছিল। প্ৰায় ২৪ বছৰৰ পিছত, সেই একে নিউয়ৰ্ক চহৰৰ মেয়ৰ হিচাপে দায়িত্ব লাভ কৰিছে মুছলমান সম্প্রদায়ৰ জোহৰান কোৱানি মামদানীয়ে।

২০২৫ চনৰ নৱেম্বৰত ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী হিচাপে তেওঁ নিউয়ৰ্কৰ মেয়ৰ নিৰ্বাচিত হয়। এই জয়ে কেৱল এখন চহৰৰ বাবে নহয়, সমগ্ৰ আমেৰিকাৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰিলে।

জোহৰানৰ জীৱন কাহিনী এখন উপন্যাসৰ দৰে। ভাৰতৰ উৰিষ্যাত জন্ম হৈছিল তেওঁৰ মাতৃ মীৰা নায়ৰৰ, মীৰা নায়ৰ অস্কাৰৰ বাবে মনোনীত হোৱাৰ লগতে তেওঁ এগৰাকী বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা আৰু পদ্মভূষণ প্ৰাপক। পিতৃ মাহমুদ মামদানী– উগাণ্ডাৰ বিখ্যাত ৰাজনীতি বিজ্ঞানী আৰু লেখক। ১৯৯১ চনত উগাণ্ডাৰ কাম্পালাত জোহৰানৰ জন্ম হয়। তাৰ পিছত পৰিয়ালটোৱে দক্ষিণ আফ্ৰিকাৰ কেপ টাউনত কিছুদিন কটাই শেষত নিউয়ৰ্কত বসতি স্থাপন কৰে।

২০২০ চনত মাত্ৰ ২৯ বছৰ বয়সতে জোহৰান নিউয়ৰ্ক ষ্টেট এছেম্বলীৰ সদস্য নিৰ্বাচিত হয়। আৰু ২০২৫ চনত তেওঁ নিউয়ৰ্কৰ মেয়ৰ হৈ বিশ্বৰ অন্যতম শক্তিশালী চহৰখনৰ নেতৃত্ব লয়।

তেওঁৰ ৰাজনৈতিক যাত্ৰা ইমান সহজ নাছিল। আমেৰিকাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পকো তেওঁ কেতিয়াও ভয় নকৰিলে। বৰঞ্চ তেওঁক “ফেচিষ্ট” আৰু “গণতন্ত্ৰৰ প্ৰতি ভাবুকি” বুলি স্পষ্টভাৱে সমালোচনা কৰি গৈছে। বিজয়ী ভাষণত তেওঁ কৈছিল, “কোটিপতিসকলে কৰ এৰাই চলাৰ দুৰ্নীতিৰ মই অন্ত পেলাম।”

জোহৰান কোৱানি মামদানী ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতীয় জনতা পাৰ্টিৰো কঠোৰ সমালোচক। তেওঁ বাৰে বাৰে মোদীক “যুদ্ধাপৰাধী” (war criminal) বুলি অভিহিত কৰিছে। এই অভিযোগৰ মূলতে আছে ২০০২ চনৰ গুজৰাট কাণ্ড। তেতিয়া নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল আৰু জোহৰানৰ মতে, সেই কাণ্ডত মুছলমান সম্প্ৰদায়ৰ ওপৰত হোৱা নৃশংসতাৰ বাবে মোদী দায়ী।

একে সময়তে, জোহৰান মামদানীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুকো একেদৰে যুদ্ধাপৰাধী বুলি কৈছে। ২০২৪ চনৰ নৱেম্বৰত আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতে (ICC) গাজাত ইজৰাইল-হামাছ যুদ্ধৰ সময়ত যুদ্ধাপৰাধ আৰু মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগত নেতানিয়াহুৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল। সেই পৰোৱানাৰ ভিত্তিত জোহৰানে ঘোষণা কৰিছে যে, “যদি নেতানিয়াহু কেতিয়াবা নিউয়ৰ্কলৈ আহে, তেন্তে মই তেওঁক গ্ৰেপ্তাৰ কৰিম।”

২০২৫ চনৰ নিৰ্বাচনত আমেৰিকাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৪২ গৰাকী মুছলমান প্ৰাৰ্থী জয়ী হৈ অভিলেখ সৃষ্টি কৰিছে। নিউয়ৰ্কৰ পৰা ভাৰ্জিনিয়া, মিচিগানৰ পৰা নৰ্থ কেৰ’লিনালৈকে – মুছলমান ৰাজনীতিবিদৰ সংখ্যা দ্ৰুতগতিত বাঢ়িছে।

সময় বাগৰে, মানুহ সলনি হয়, আৰু যিসকলে এদিন আমেৰিকাত ভয়-শংকাৰ সৃষ্টি কৰিছিল, এদিন তেওঁলোকৰেই সন্তানে শান্তি আৰু ন্যায়ৰ বাৰ্তা লৈ নেতৃত্ব দিছে আমেৰিকাৰ সম্ভ্রান্ত চহৰ-নগৰ সমূহক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...