আমাক আক্ৰমণ কৰিলে ইৰাণক ধ্বংস কৰি দিয়া হ’ব : ড’নাল্ড ট্ৰাম্প

শুকুৰবাৰৰ পুৱাৰে পৰা ইজৰাইলে ইৰাণত আক্ৰমণ চলাইছে। এই বিষয়ে আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে দাবী কৰিছে যে, তেওঁৰ হাতত ‘কৰিবলগীয়া একো নাই’। তথাপিও তেওঁ ইৰাণক সতর্ক কৰি কৈছে যে, যদি ইৰাণে কোনো ধৰণে আমেৰিকাৰ ওপৰত আক্ৰমণৰ চেষ্টা কৰে, তেন্তে তেওঁলোকক ‘ধ্বংস’ কৰি দিয়া হ’ব। এনে প্ৰত্যাঘাত কৰা হ’ব, যিটো আগতে কেতিয়াও দেখা নাই। ট্রাম্পে এই দুখন দেশৰ মাজত মধ্যস্থতা কৰি শান্তি স্থাপনৰ প্ৰস্তাৱো দিছে।

শুকুৰবাৰে ইজৰাইলৰ সেনাবাহিনীয়ে ইৰাণৰ ওপৰত আকাশীপথেৰে এটি ডাঙৰ আক্ৰমণ চলায়। বহুতে এই আক্ৰমণৰ আঁৰত আমেৰিকাৰ হাত আছে বুলি সন্দেহ কৰিছে। ট্রাম্পে এই আক্ৰমণক সমর্থন কৰাৰ লগতে ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেতানিয়াহুৰ কাষত থিয় দি কৈছে যে, তেওঁ এই আক্ৰমণৰ কথা আগতেই জানিছিল। তেওঁ ইয়াক ৰখাবলৈ চেষ্টাও কৰিছিল, কিন্তু ইৰাণৰ অটল মনোভাৱৰ বাবে সেয়া সম্ভৱ নহ’ল। তাৰ পাছত শনিবাৰে ইৰাণে আমেৰিকাক সতর্ক কৰে। তাৰ প্ৰত্যুত্তৰত ট্রাম্পে ৰবিবাৰে ট্রুথ ছ’চিয়েলত লিখিছে, “ইৰাণত যি আক্ৰমণ হৈছে, তাৰ বাবে আমেৰিকাৰ কৰিবলগীয়া একো নাছিল। যদি ইৰাণে আমাৰ ওপৰত কোনো ধৰণে আক্ৰমণ কৰে, তেন্তে আমেৰিকাৰ সেনাবাহিনী সম্পূর্ণ শক্তিৰে তেওঁলোকৰ ওপৰত জঁপিয়াই পৰিব। এনে আক্ৰমণ হ’ব, যিটো আগতে কেতিয়াও কোনেও দেখা নাই।” তেওঁ লগতে কৈছে, “ইৰাণ আৰু ইজৰাইলৰ মাজত আমি সহজেই এখন চুক্তি কৰাব পাৰোঁ, এই সংঘাতৰ অন্ত পেলাব পাৰোঁ।”

ইজৰাইলৰ আক্ৰমণত ইৰাণৰ চাৰিজন শীৰ্ষ সেনা বিষয়া আৰু ছয়জন পৰমাণু বিজ্ঞানীৰ মৃত্যু হৈছে। ইৰাণৰ সশস্ত্র বাহিনীৰ সৰ্বাধিনায়ক মেজৰ জেনেৰেল মহম্মদ বাগেৰিও নিহত হৈছে। ইৰাণে এই আক্ৰমণৰ আঁৰত আমেৰিকাৰ সমৰ্থন আছে বুলি ভাবিছে। ট্রাম্পে কৈছে যে, তেওঁ এই আক্ৰমণৰ বিষয়ে আগতেই জানিছিল আৰু তাক সমর্থন কৰে। জনা গৈছে, আক্ৰমণৰ ঠিক আগতে নেতানিয়াহুৰ সৈতে ট্রাম্পৰ ফোনত দীর্ঘ কথা-বতৰা হৈছিল। তেতিয়া ট্রাম্পে স্পষ্ট কৰিছিল যে, ইজৰাইলে আক্ৰমণ চলালে আমেৰিকাই বাধা নিদিয়ে। শনিবাৰে ট্রাম্পে জানিছিল যে, ইৰাণক কূটনীতি আৰু আলোচনাৰ বাবে ৬০ দিনৰ সময় দিয়া হৈছিল। সেই সময় অতিক্রম কৰাৰ পাছত, শুকুৰবাৰে (স্থানীয় সময়) ৬১ নম্বৰ দিনত ইজৰাইলে ইৰাণত আক্ৰমণ চলায়।

ইৰাণেও প্ৰত্যাঘাত কৰিছে। শনিবাৰে তেওঁলোকে ইজৰাইলত আক্ৰমণ চলোৱাৰ লগতে আমেৰিকা, ব্রিটেইন, আৰু ফ্রান্সক সতর্ক কৰিছে। তেওঁলোকে কৈছে, ইজৰাইলক সহায় কৰিলে তেওঁলোকৰ সামৰিক ঘাটিতো আক্ৰমণ চলোৱা হ’ব। ৰবিবাৰে ওমানত আমেৰিকাৰ সৈতে হ’বলগীয়া বৈঠকতো ইৰাণে অংশ নলয় বুলি জনাইছে। তাৰ পাছত ট্রাম্পে ইৰাণক সতর্ক কৰি কৈছে যে, ইজৰাইলৰ আক্ৰমণৰ বাবে তেওঁৰ কৰিবলগীয়া একো নাছিল। কিন্তু ইৰাণে আমেৰিকাৰ ওপৰত প্ৰত্যাঘাত কৰিলে তেওঁ চুপ হৈ নাথাকে।

ইৰাণৰ বিৰুদ্ধে আন্তর্জাতিক নিয়ম ভংগ কৰি ইউৰেনিয়াম সমৃদ্ধকৰণ কাৰ্যসূচী চলোৱাৰ অভিযোগ উঠিছে। আমেৰিকাই নিবিচাৰে যে, ইৰাণে এই কাৰ্যসূচী আগুৱাই নিয়ক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...