বিশ্বজুৰি আমেৰিকাৰ ভিছা আবেদন স্থগিত

প্ৰব্ৰজন নীতি অধিক কঠোৰ কৰাৰ মাজতে আমেৰিকাই বিশ্বজুৰি ভিছা আবেদন আৰু ভিছা এপইণ্টমেণ্ট স্থগিত কৰিছে। Financial Times-ৰ প্ৰতিবেদন অনুসৰি, নতুন সিদ্ধান্তৰ জৰিয়তে আমেৰিকাত প্ৰৱেশৰ ক্ষেত্ৰত অধিক কঠোৰ নিৰীক্ষণ চলোৱাৰ দিশে আগবাঢ়িছে ট্ৰাম্প প্ৰশাসন।

মঙলবাৰে এগৰাকী আমেৰিকান বিষয়াই কয় যে, দেশখনত প্ৰৱেশ কৰাৰ পিছত দীৰ্ঘসময় চৰকাৰী সাহায্যৰ ওপৰত নিৰ্ভৰ কৰাৰ সম্ভাৱনা থকা লোকসকলৰ প্ৰৱেশ সীমিত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

ট্ৰাম্প প্ৰশাসনৰ কঠোৰ প্ৰব্ৰজন নীতিক লৈ ইতিমধ্যে মানৱ অধিকাৰ সংগঠনসমূহে উদ্বেগ প্ৰকাশ কৰিছে। সংগঠনসমূহৰ অভিযোগ, এই নীতিসমূহ বৈষম্যমূলক আৰু ইয়াৰ ফলত মত প্ৰকাশৰ স্বাধীনতা তথা ন্যায়সংগত প্ৰক্ৰিয়াৰ অধিকাৰ ক্ষুণ্ণ হৈছে।

ইয়াৰ সমান্তৰালভাৱে, আমেৰিকাত বিশেষকৈ সংখ্যালঘু জনগোষ্ঠীৰ মাজত জাতিগত পৰিচয়ৰ ভিত্তিত লক্ষ্য কৰি লোৱাৰ আশংকা বৃদ্ধি পোৱাৰ অভিযোগো উত্থাপন হৈছে।

২০২৪ চনৰ নিৰ্বাচনী প্ৰচাৰত ড’নাল্ড ট্ৰাম্পে অবৈধ প্ৰব্ৰজন বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু ক্ষমতালৈ অহাৰ পিছত তেওঁৰ প্ৰশাসনে আইনী প্ৰব্ৰজনৰ ক্ষেত্ৰতো কেইবাটাও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। কিছুমান কৰ্মভিছাৰ আবেদনকাৰীৰ বাবে নতুন আৰু অধিক ব্যয়বহুল মাচুল আৰোপ কৰাটোও ইয়াৰ অন্যতম।

বিশ্বজুৰি ভিছা আবেদন আৰু এপইণ্টমেণ্ট স্থগিতৰ এই সিদ্ধান্তই আমেৰিকালৈ যাবলৈ ইচ্ছুক শিক্ষার্থী, চাকৰিপ্ৰার্থী আৰু অন্যান্য আবেদনকাৰীৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘তোমাৰ স্থান জে’লত…’; উচ্চতম ন্যায়ালয়ত কিয় ভৰ্ৎসনা বলিউদৰ অভিনেতা ৰাজপাল যাদৱক?

চেক বাউন্সৰ দীৰ্ঘদিনীয়া গোচৰত আদালতৰ নিৰ্দেশ অনুসৰি নিৰ্ধাৰিত সময়ৰ...

মহানগৰীত উদণ্ড চালকৰ অতপালি; কৰ্তব্যৰত আৰক্ষীক মহটিয়াই পলায়নৰ চেষ্টা

মহানগৰী গুৱাহাটীত পুনৰ সংঘটিত হৈছে উদণ্ড চালকৰ অতপালি। কৰ্তব্যৰত...

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত EVM বিকল; ভোটগ্ৰহণৰ মাজতে হাহাকাৰ

আজি অনুষ্ঠিত হৈছে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা...