ফতৌ বস্তিলৈ ইউৰিয়া সৰবৰাহৰ অপচেষ্টা, জালত ৩জন

ধনশিৰি মহকুমাৰ চুঙাজানত জব্দ অবৈধ ইউৰিয়া ভৰ্তি এখন বাহন । বাহনখনৰ নম্বৰ AS 02 CC 8579 ৷ বাহন খন গোলাঘাটৰ কমাৰবন্ধা পৰা অসম নাগালেণ্ড সীমান্তৰ ফতৌ বস্তিলৈ ইউৰিয়া খিনি সৰবৰাহ কৰোতেই চুঙাজান আৰক্ষীৰ নিয়মীয়া তালাচিত জব্দ হয় ৭০ বস্তা ইউৰিয়া সহ আৰক্ষীয়ে আটক কৰে তিনিজন লোকক ৷ লোককেইজন ক্ৰমে মুস্তাফা ইছলাম ,বাবুল আলী আৰু অমিদুৰ ৰহমান ৷ আৰক্ষীয়ে জনোৱা অনুসৰি, ইউৰিয়াখিনি কমাৰবন্ধা শান্তি ষ্টৰৰ পৰা নিজৰ খেতিলৈ বুলি কিনি আনি বিক্ৰী কৰিবলৈ অসম নাগালেণ্ড সীমান্তৰ ফতৌ বস্তিলৈ আনি থকা অৱস্থাতেই আটক কৰে চুঙাজান আৰক্ষীয়ে। ইতিমধ্যে আৰক্ষীয়ে তিনিওজন লোককে আটক কৰি গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ব্ৰিটিছবিৰোধী সংগ্ৰামৰ দুই বীৰ ছহিদ পিয়লি ফুকন-জীউৰাম দুলীয়া বৰুৱাক আজি শ্ৰদ্ধাৰে স্মৰণ

ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে অসমৰ মাটিত আত্মবলিদান দিয়া পিয়লি...

খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ মাজতে ভাৰতীয় টকাৰ মূল্য এসপ্তাহৰ সৰ্বনিম্ন স্তৰলৈ

বৃহস্পতিবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ০.২ শতাংশ...

দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যিক কেবিনেটৰ বৈঠক সম্পন্ন; কি কি ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক কেবিনেটৰ?

দিছপুৰৰ লোকসেৱা ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও...

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তেজনা

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ...