সকলো শেষ! ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল ১৬ খন দোকান, ৩টা বাসগৃহ

দাউদাউকৈ জ্বলি উঠিল টেঙাখাতৰ মাজমজিয়া । নিশা ২ বাজি ৫ মিনিটত টেঙাখাতৰ মাজমজিয়াত সংঘটিত হয় এক ভংয়কৰ অগ্নিকাণ্ড । এই অগ্নিকাণ্ডত ১৬ খন দোকানৰ লগতে ৩ টাকৈ বাসগৃহ জাহ যায় । এই অগ্নিকাণ্ডত লাখ লাখ টকাৰ স্থাৱৰ-অস্থাৱৰ সা-সম্পত্তি জ্বলি ছাই হয়। অগ্নিকাণ্ড সংঘটিত হোৱা প্ৰায় এক ঘণ্টাতকৈও অধিক সময়ৰ পাছত অগ্নিনিৰ্বাপক বাহিনী আহি উপস্থিত হোৱাত টেঙাখাতৰ সাধাৰণ ৰাইজে ক্ষোভ প্ৰকাশ কৰে। প্ৰথম অৱস্থাত টেঙাখাতৰ ৰাইজে পানী- বালি ছটিয়াই জুই নুমুৱাবলে আপ্ৰাণ চেষ্টা কৰে । টেঙাখাত ৰাইজ তথা ভুক্তভোগীয়ে লগতে কয় যে অগ্নিনিৰ্বাপক বাহিনী সময়মতে উপস্থিত হোৱা হ’লে অগ্নিকাণ্ডত বিস্তৰ ক্ষয় ক্ষতি হবলৈ নাপালেহেঁতেন! ৩টাকৈ গেছ চিলিণ্ডাৰ ব্লাষ্ট হৈ নিজ টেঙাখাতৰ প্ৰয়াত শিক্ষয়ত্ৰী এলিজা বেগমৰ নকৈ সজা বাসগৃহটি সম্পূৰ্ণৰূপে এই অগ্নিকাণ্ডত জাহ যায়। নিচেই কাষতে থকা অইল ইণ্ডিয়া লিমিটেডৰ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ ৩ ঘণ্টা জোৰা নেৰানেপেৰা চেষ্টাৰ অন্তত জুই নুমুৱাবলে সক্ষম হয় যদিও টেঙাখাত মূল অঞ্চলত এখন অগ্নিনিৰ্বাপক বাহন নথকাৰ কাৰণে ৰাইজে প্ৰশাসনক উদ্দেশ্যি ক্ষোভ প্ৰকাশ কৰে ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ব্ৰিটিছবিৰোধী সংগ্ৰামৰ দুই বীৰ ছহিদ পিয়লি ফুকন-জীউৰাম দুলীয়া বৰুৱাক আজি শ্ৰদ্ধাৰে স্মৰণ

ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে অসমৰ মাটিত আত্মবলিদান দিয়া পিয়লি...

খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ মাজতে ভাৰতীয় টকাৰ মূল্য এসপ্তাহৰ সৰ্বনিম্ন স্তৰলৈ

বৃহস্পতিবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ০.২ শতাংশ...

দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যিক কেবিনেটৰ বৈঠক সম্পন্ন; কি কি ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক কেবিনেটৰ?

দিছপুৰৰ লোকসেৱা ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও...

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তেজনা

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ...