বিলাসী বাহন নহয়, ট্ৰেক্টৰেৰে আনিবলৈ গ’ল কইনা

বিবাহ বুলি ক’লে সকলোৰে থাকে কিছুমান আশা আকাংক্ষা। ব্যতিক্ৰমী চিন্তাধাৰাৰে নিজৰ বিশেষ দিনটোক আৰু অধিক বিশেষ কৰি তোলাৰো থাকে বহুতৰে সপোন। তেনে এখন ব্যতিক্ৰমী বিবাহ সম্পন্ন হৈছে এইখন অসমতেই। কইনাক আনিবলৈ ট্ৰেক্টৰ লৈ ওলাল দৰা। বিলাসী পুষ্পসজ্জিত বাহনৰ পৰিৱৰ্তে বৰযাত্ৰীৰ সৈতে দৰা ওলাল ট্ৰেক্টৰ লৈ। ক’ত হৈছে এই ব্যতিক্ৰমী বিবাহখন জানিবলৈ পঢ়ক আমাৰ এই প্ৰতিবেদন।

বিলাসী বাহন নহয়, ট্ৰেক্টৰেৰে আনিবলৈ গ’ল কইনা। সৰভোগৰ এখন ব্যতিক্রমী বিয়াক লৈ চলিছে ব্যাপক চৰ্চা।

ট্ৰেক্টৰেৰে কইনা আনিবলৈ সৰভোগলৈ গ’ল পাঠশালাৰ দৰা প্ৰীতম শৰ্মা। ট্ৰেক্টৰখনকেই সজাই-পৰাই কইনা প্ৰণামী সাউদক আনিবলৈ গ’ল দৰা প্ৰীতম শৰ্মাই।

কইনাঘৰত গীতৰ তালে তালে নাচিলে দৰাঘৰীয়াই।

এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত প্ৰীতম শৰ্মাৰ এই ব্যতিক্ৰমী বিবাহ অনুষ্ঠানক লৈ এতিয়া চৰ্চা চলিছে চৌদিশে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুটা সফল সংস্কৰণৰ পিছত পুনৰ আহিছে ‘খেল মহাৰণ ৩.০’, ৭ নৱেম্বৰৰ পৰা আৰম্ভ ৰাজ্যজুৰি ক্ৰীড়া মহোৎসৱ

অসমৰ তৃণমূল পৰ্যায়ৰ ক্ৰীড়া প্ৰতিভাক এখন বৃহৎ মঞ্চ প্ৰদানৰ...

আন্তঃৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত উজলিল অসম কন্যা; জেহেনা আকতাৰৰ তিনিটাকৈ পদক অৰ্জন

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল অসমৰ জীয়ৰী জেহেনা আকতাৰ। বেংগালুৰুত...

নেপালত ভূমিস্খলনৰ ফলত বুঢ়ী গণ্ডকী নদীত ভয়াৱহ বানৰ আশংকা, নিৰাপদ স্থানলৈ যোৱাৰ পৰামৰ্শ গাঁওবাসীক

ভূমিস্খলনৰ ফলত নদীত বানপানীৰ সৃষ্টি হোৱাত নেপালৰ কৰ্তৃপক্ষই দেওবাৰে...