চতুৰ্থ দিনৰ বাবে উজনি অসমত মুখ্যমন্ত্ৰী: কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ সৈতে শিৱসাগৰ আৰু চৰাইদেউৰ বান পৰিস্থিতি পৰ্যবেক্ষণ

উজনি অসমৰ ভয়াবহ বান পৰিস্থিতিৰ পোনপটীয়া বুজ ল’বলৈ ধাৰাবাহিকভাৱে চতুৰ্থ দিনৰ বাবে বানপীড়িত অঞ্চলত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ কেইবাটোও দুৰ্যোগগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে।

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে উপস্থিত থকা মন্ত্ৰী নাড্ডাই মুখ্যমন্ত্ৰী শৰ্মাৰ সৈতে বানাক্ৰান্ত এলেকা সমূহত ঘূৰি পৰিস্থিতিৰ তদাৰক কৰাৰ লগতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা দ্ৰুত ফ্ৰন্টলাইন সাহাৰ্য ব্যৱস্থাক উচ্চ প্ৰশংসা কৰে।

  • মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই শিৱসাগৰ জিলাৰ নাজিৰা চক্ৰৰ বানপীড়িত গাঁও, আশ্ৰয় শিবিৰ, ক্ষতিগ্ৰস্ত খেতি পথাৰ আৰু বাসস্থানসমূহ বুজ লয়। তেওঁলোকে স্থানীয় ৰাইজৰ সৈতে পোনে পোনে কথা পাতি তেওঁলোকৰ প্ৰয়োজনীয়তা আৰু সমস্যাসমূহৰ বুজ লয়। নাজিৰাত বোকা-পানীৰ মাজেৰে পদব্ৰজে গৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ষয়-ক্ষতিৰ পৰ্যবেক্ষণ কৰে। ইয়াৰ উপৰি, ট্ৰেক্টৰত উঠি তেওঁলোক দিহিংবৰৰ গড়মূৰ মিৰি ৰাজহ গাঁৱৰ নেপালীখুটি সংযোগী অঞ্চললৈ যায় আৰু বানাক্ৰান্ত লোকসকলৰ সৈতে মত বিনিময় কৰে। নাজিৰাৰ বামুণ পুখুৰীত বানৰ পানীত উটি যোৱা পোহনীয়া কুকুৰৰ জীৱন ৰক্ষা কৰিবলৈ গৈ প্ৰাণ হেৰুওৱা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ৰিদিপ পাণিকাৰ বাসগৃহত মুখ্যমন্ত্ৰী উপস্থিত হয়। শোকসন্তপ্ত পিতৃ-মাতৃক সমবেদনা জনাই তেওঁ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে। আমগুৰি চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা বান সাহায্য শিবিৰ পৰিদৰ্শন কৰি শিবিৰাৰ্থীসকলক যোগান ধৰা খাদ্য, বিশুদ্ধ খোৱাপানী আৰু স্বাস্থ্যসেৱাৰ বুজ লয়। জাঞ্জী নৈৰ ওপৰত থকা আহোম দলংখনৰে সুচল যাতায়াত সুনিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে।
  • পৰিদৰ্শনকালত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই বানপীড়িত ৰাইজৰ প্ৰতি গভীৰ সমবেদনা প্ৰকাশ কৰে। এই দুৰ্যোগৰ সময়ত কেন্দ্ৰীয় চৰকাৰ অসমবাসীৰ কাষত দৃঢ়ভাৱে থিয় দিছে বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত ক্ষয়-ক্ষতিৰ স্থলী পৰিদৰ্শন কৰা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰে অসমক পূৰ্ণ আৰ্থিক সাহায্য আগবঢ়াব।

“বানাক্ৰান্ত প্ৰতিটো পৰিয়ালকে সময়মতে সাহায্য, ক্ষতিপূৰণ আৰু পুনৰসংস্থাপন নিশ্চিত কৰিবলৈ অসম চৰকাৰে পূৰ্ণ দায়বদ্ধতাৰে কাম কৰি আছে।”

— ড° হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী, অসম

ৰাজ্য চৰকাৰে ঘৰ-দুৱাৰ, খেতি-পথাৰ, পথ-দলং আদিৰ স্থায়ী ক্ষয়-ক্ষতিৰ জৰীপ চলাই অগ্ৰাধিকাৰ ভিত্তিত ক্ষতিপূৰণ আৰু পুনৰ্নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি নিশ্চিত কৰে।

এই পৰিদৰ্শনকালত মন্ত্ৰী পিযূষ হাজৰীকা, অশোক সিংহল, কেশৱ মহন্ত, সুশান্ত বৰগোহাঁইৰ লগতে বিধায়ক তৰংগ গগৈ আৰু ময়ূৰ বৰগোহাঁই উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...