আৰক্ষীৰ নামত বলপূৰ্বক ধন দাবী: দৌলাশাল আৰক্ষীৰ জালত হুছেইন আলী

মুকালমুৱা — আৰক্ষীৰ নাম লৈ আৰু ভয়-ভাবুকি প্ৰদৰ্শন কৰি বলপূৰ্বকভাৱে ধন সংগ্ৰহ কৰি অহা এক গুৰুতৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এজন অভিযুক্ত। দৌলাশাল আৰক্ষীৰ জালত পৰা এই অভিযুক্তজনক হুছেইন আলী বুলি চিনাক্ত কৰা হৈছে।

অভিযোগ অনুসৰি, ধৃত হুছেইন আলীয়ে দীর্ঘদিন ধৰি স্থানীয় লোকসকলক দৌলাশাল আৰক্ষীৰ নাম লৈ ভয়-ভাবুকি দি বলপূৰ্বকভাৱে ধন দাবী কৰি আহিছিল।

  • গ্ৰেপ্তাৰ হোৱা হুছেইন আলী মুকালমুৱা থানাৰ অন্তৰ্গত লাৰকুছি গাঁৱৰ জবেদ আলীৰ পুত্ৰ।
  • অভিযুক্ত হুছেইন আলীৰ বিৰুদ্ধে মুকালমুৱা থানাত ১১৩/২৬ নম্বৰত ভাৰতীয় ন্যায় সংহিতা (BNS) আইনৰ ২০৪ / ৩(৫) / ৩০৮ / ৩১৮(২) / ৩৫১(২) ধাৰাৰ অধীনত এক বিশেষ গোচৰ ৰুজু কৰা হৈছে।

দৌলাশাল আৰক্ষীয়ে জনোৱা অনুসৰি, আৰক্ষীৰ নাম ব্যৱহাৰ কৰি ধন দাবী কৰা সমগ্ৰ চক্ৰটোৰ কেইবাজনো সদস্যৰ গুৰুত্বপূৰ্ণ তথ্য ইতিমধ্যে লাভ কৰা হৈছে। এই তথ্যৰ ভিত্তিত অতি শীঘ্ৰেই চক্ৰটোৰ আন কেইবাজনো অভিযুক্ত আৰক্ষীৰ জালত পৰাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

“কোনো ব্যক্তিয়ে যদি আৰক্ষীৰ নাম লৈ ধন দাবী কৰে বা আৰক্ষীৰ ভয়-ভাবুকি দেখুৱায়, তেন্তে ভীতিগ্ৰস্ত নহৈ তৎকালে দৌলাশাল আৰক্ষীক অৱগত কৰক।”

— জ্যোতি কমল বনিয়া, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, দৌলাশাল আৰক্ষী চকী

আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে সাধাৰণ ৰাইজক এনে অসাধু লোকৰ বিৰুদ্ধে সজাগ হ’বলৈ আৰু ভয় নকৰি পোনে পোনে আৰক্ষীৰ কাষ চাপিবলৈ আহ্বান জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...