ৰাজ্যৰ পৌৰ নিকায়সমূহৰ অনলাইন সেৱাৰ বাবে একীকৃত ৱেব পৰ্টেলৰ শুভাৰম্ভ

অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে তেওঁৰ জনতা ভৱনস্থিত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত ৰাজ্যৰ পৌৰ নিকায়সমূহে প্ৰদান কৰা অনলাইন সেৱাসমূহ একেঠাইতে পাব পৰাকৈ নতুনকৈ নিৰ্মাণ কৰি উলিওৱা এটা একীকৃত ৱেব পৰ্টেলৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

https://assamurban.in/ নামৰ এই পৰ্টেলে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ শাখা বিভাগসমূহৰ লগতে ৰাজ্যৰ সকলো পৌৰ নিকায়ৰ সমগ্ৰ তথ্য একত্ৰিত কৰিব আৰু জনসাধাৰণে বিভাগীয় সেৱাসমূহ অনলাইনত লাভ কৰিব পৰাকৈ একক ক্ষেত্ৰ হিচাপে কাম কৰিব। এই পৰ্টেলে নাগৰিকসকলক প্ৰদান কৰা সুবিধাসমূহৰ ভিতৰত অনলাইন সম্পত্তি কৰ পৰিশোধ; তাৎক্ষণিক বাণিজ্য অনুজ্ঞাপত্ৰৰ অনুমোদন; ই-সেৱা যেনে খোৱাপানী যোগানৰ সংযোগৰ অনুৰোধ, জমা অনুমতি, প্ৰেক্ষাগৃহ আৰু খেলপথাৰৰ বুকিং, চলচচ্চিত্ৰৰ শ্বুটিং আদি; পৌৰ নিকায়ৰ বাহন অনুসৰণকাৰী জিপিএছ, অনলাইন অভিযোগ দাখিল তথা সমাধানৰ ব্যৱস্থা আদি উল্লেখযোগ্য।

পৰ্টেলত পৌৰ নিকায়সমূহৰ বিস্তৃত বিৱৰণ, যেনে – পৌৰ নিকায়সমূহৰ মানচিত্ৰ আৰু জনগাঁথনি, পৌৰপতি আৰু ৱাৰ্ড সদস্যসকলৰ সবিশেষ; পৌৰ নিকায়সমূহৰ সম্পত্তি, কাৰ্যসূচীৰ কাৰ্যকলাপ, নিবিদাৰ সবিশেষ ইত্যাদি। পৰ্টেলটি উন্মোচন কৰি প্ৰদান কৰা ভাষণত মন্ত্ৰী সিংহলে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সকলো সেৱা অনলাইনত লাভ কৰাৰ উদ্দেশ্যে এই একীকৃত পৰ্টেলটি ব্যৱহাৰ কৰিবলৈ সকলোকে আহ্বান জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা অনুসৰি চৰকাৰী কাম-কাজত ৰঙাফিটাৰ মেৰপাক দূৰ কৰা তথা জনসাধাৰণে যাতে চৰকাৰী কাৰ্যালয়লৈ নোযোৱাকৈ নিজৰ ঘৰৰ পৰাই সকলো সেৱা লাভ কৰিব পাৰে, সেয়া সুনিশ্চিত কৰাৰ দিশত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

অনুষ্ঠানত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দাহাল, ৰাজ্যৰ পৌৰ প্ৰশাসন সঞ্চালক টংকেশ্বৰ দাসৰ লগতে বিভাগৰ অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...