শীৰ্ষ আলফা নেতা নগেন দাসক ‘অমৰ মৃতক’ হিচাপে ঘোষণা আলফা স্বাধীনৰ

আলফা নেতা নগেন দাসে শনিবাৰে ৫৭ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। কামৰূপ জিলাৰ ছয়গাঁৱৰ ধোৱাৰ গাঁওস্থিত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ এসময়ৰ শীৰ্ষ আলফা নেতা নগেন দাসৰ। কৈশোৰ কালতে নিজৰ আকৰ্ষণীয় ব্যক্তিত্বৰ বাবে সকলোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছিল নগেন দাসে।

ধুতি আৰু পাঞ্জাবী চোলাৰ সৈতে এখন চিনাকী মুখ প্ৰতিষ্ঠা কৰিছিল কটন কলেজৰ ছাত্ৰ সমাজৰ লগতে বৃহত্তৰ অঞ্চলটোত। নগেন দাসে পাছলৈ ১৯৮২ চনত সংযুক্ত মুক্তি বাহিনী অসমৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল। আলফাত যোগদানৰ পূৰ্বে প্ৰয়াত দাসে ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দৰে পদতো নিয়োগ হৈ নিষ্ঠাৰে কৰ্তব্য পালন কৰিছিল। আলফাত যোগদানৰ পাছত তেওঁ ক্ৰমান্বয়ে শীৰ্ষ নেতৃত্বৰ আস্থাভাজন হৈ পৰে আৰু পৰৱৰ্তী সময়ত তেওঁৰ যোগ্যতাৰ ভিত্তিত সংগঠনটোৰ শীৰ্ষ পদতো নিযুক্ত হয়। পোনতে তেওঁ সেনাপ্ৰধান পৰেশ বৰুৱাৰ কাৰ্যালয় পৰিচালক হিচাপে মনোনীত আছিল। পাছলৈ ১৯৯১ চনত বৈদেশিক পৰিক্ৰমা বিভাগত নিযুক্ত হৈ বাংলাদেশলৈ যাত্ৰা কৰে।

সংগঠনটোৰ এইগৰাকী শীৰ্ষ নেতাৰ বিয়োগত আলফা স্বাধীনে আজি ‘NKTV’লৈ প্ৰেৰণ কৰা এক বিবৃতিযোগে শোক সন্তুপ্ত পৰিয়ালবৰ্গলৈ শোকবাৰ্তা প্ৰেৰণ কৰাৰ লগতে প্ৰয়াত দাসক ‘অমৰ মৃতক’ হিচাপে ঘোষণা কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...