এখন দুখন নহয়, ৯৬খন সোণৰ বিস্কুট জব্দ গুৱাহাটীত!

গুৱাহাটীৰ মাজেৰে অব্যাহত আছে অবৈধ সোণৰ স্মাগলিং। গুৱাহাটীত জব্দ ৯৬খন সোণৰ বিস্কুট। গ্ৰেপ্তাৰ কৰা হৈছে ৫ জনকৈ অভিযুক্তক। DIRECTORATE OF REVENUE INTELLIGENCEৰ গোপন অভিযানত জব্দ হৈছে কোটি কোটি টকাৰ অবৈধ সোণ।

DRIৰ অভিযানত জব্দ হৈছে ১৫.৯৩ কেজিৰ সোণ। যাৰ বজাৰমূল্য প্ৰায় ৮.৩৮ কোটি টকা। GOLD ON THE HIGHWAY নামেৰে কৰা হৈছিল সমগ্ৰ গোপন অভিযান। বিদেশৰ সোণখিনি ইণ্ডো-ম্যানমাৰেৰে সৰবৰাহ হৈছিল। ডিমাপুৰ আৰু গুৱাহাটীত চলিছিল এই অভিযান। দুখন তেলৰ টেঙ্কাৰ আৰু ট্ৰাকত চলিছিল অভিযান। মণিপুৰ হৈ আহিছিল ট্ৰাক কেইখন। গোপন খবৰ লাভ কৰিয়েই ডিমাপুৰ-গুৱাহাটীৰ হাইৱেত পৃথক পৃথক ঠাইত অভিযান চলাই জব্দ হৈছে বৃহৎ পৰিমাণৰ সোণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত হোমষ্টে ব্যৱস্থাত কঠোৰ নিয়ম GMCৰ, দুৰ্গা পূজাত হ’ব স্বচ্ছতা প্ৰতিযোগিতা

গুৱাহাটী মহানগৰীত হোমষ্টে ব্যৱস্থাক নিয়মৰ মাজলৈ আনিবলৈ বিশেষ পদক্ষেপ...

দিল্লী মেট্ৰ’ৰ ৫৭টা ষ্টেচনৰ প্ৰৱেশ-প্ৰস্থান বন্ধ থকাৰ সম্ভাৱনা, ১০ অক্টোবৰত CJPৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা কটকটীয়া

১০ অক্টোবৰত দিল্লীত হ’বলগীয়া প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত ৰাজধানী চহৰখনত...