টিংকুপানীত সেনা-আৰক্ষীৰ অভিযান | গ্ৰেপ্তাৰ আলফা (স্বা)ৰ কেডাৰ

অসম-অৰুণাচল সীমান্তৰ টিংকুপানীত সেনা-আৰক্ষীৰ অভিযান। আছাম ৰাইফলছ আৰু অসম আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ আলফা (স্বা)ৰ কেডাৰ সমীৰণ সোণোৱাল ওৰফে যাদৱ অসম। টিংকুপানী সংৰক্ষিত বনাঞ্চলৰ দলঙৰ সমীপৰ পৰা গ্ৰেপ্তাৰ যাদৱ অসমক। ২০২০ চনত সমীৰণ সোণোৱালে যোগদান কৰিছিল আলফা স্বাধীনত। ধৃত আলফা স্বাধীনৰ কেডাৰজনৰ পৰা এটা বিদেশত নিৰ্মিত পিষ্টল, মেগজিন আৰু সজীৱ গুলী উদ্ধাৰ কৰা হৈছে। যাদৱ অসমৰ পৰা বহু আপত্তিজনক নথি-পত্ৰও উদ্ধাৰ কৰে আৰক্ষীয়ে। সম্প্ৰতি লেখাপানী আৰক্ষীৰ জিম্মাত সমীৰণ সোণোৱাল ওৰফে যাদৱ অসম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...