ইউৰোপত ফুটবলৰ মহাযুদ্ধ

  • ইউৰোপত ফুটবলৰ মহাযুদ্ধ
  • সেউজীয়া ঘাঁহনিৰ মহাৰণত দুভৰিৰ যাদু
  • শুকুৰবাৰে নিশা ১২.৩০বজাত উদ্বোধনী মেচ
  • উদ্বোধনী মেচত তুৰস্কৰ বিৰুদ্ধে ইটালী
  • বহু তাৰকাৰ সমাহাৰ ঘটিব ইউৰো কাপত
  • ১২ জুলাই ৱেম্বলী ষ্টেডিয়ামত ফাইনেল

আজিৰে পৰা উৱেফা ইউৰো কাপ। উদ্বোধনী মেচত তুৰস্কৰ বিৰুদ্ধে ইটালী। এমাহযোৰা ফুটবল কাৰ্ণিভেল কৰ’নাকালৰ বন্দীত্বপূৰ্ণ জীৱনৰ অৱসাদ দূৰ কৰা মহৌষধ হিচাপে পৰিগণিত হৈছে।

  • শুকুৰবাৰৰ নিশাৰ পৰা ফুটবলৰ জ্বৰত আক্ৰান্ত হ’ব ক্ৰীড়াপ্ৰেমী
  • এমাহজোৰা ফুটবলৰ কাৰ্ণিভেল
  • উৱেফা ইউৰো কাপৰ উদ্বোধনী মেচত ইটালীৰ বিৰূদ্ধে তুৰস্ক
  • ৰোমৰ অলিম্পিক’ ষ্টেডিয়ামত উদ্বোধনী মেচ

উৱেফা ইউৰো কাপৰ বাবে সাজু ইউৰোপৰ ১১খন দেশৰ ১১খন চহৰ। জনপ্ৰিয় টুৰ্ণামেন্টখনৰ মেচসমূহ ভাৰতীয় সময় অনুসৰি অনুষ্ঠিত হব নিশা ১২.৩০বজা, সন্ধিয়া ৬.৩০ বজাত আৰু নিশা ৯.৩০ বজাৰ পৰা। টুৰ্ণামেন্টখনত সমাহাৰ ঘটিব বিশ্বৰ আগশাৰীৰ তাৰকাৰ। পৰ্তুগালৰ ক্ৰিষ্টিয়ানো ৰনাল্ডো,স্পেইনৰ যুৱ ষ্ট্ৰাইকাৰ আঞ্চু ফাটি, বেলজিয়ামৰ ৰোমেলু লুকাকো,ইডেন হাজাৰ্ড,ইটালীৰ কিন মইজ,পোলেণ্ডৰ ৰবাৰ্টো লেৱানডস্কি,জাৰ্মানীৰ থমাছ মূলাৰৰ আক্ৰমনাত্মক খেলৰ বাবে অধীৰ অপেক্ষাত ফুটবলপ্ৰেমী। GFX টুৰ্ণামেণ্টৰ অন্যতম ফেভাৰিট বিশ্ব চেম্পিয়ন ফ্ৰান্স। এমবাপ্পে,বেনজেমা,অলিভাৰ জেৰাৰ্ডৰ দৰে তাৰকাই যিকোনো মুহূৰ্তত আঘাত হানিব পাৰে বিপক্ষৰ ৰক্ষণত। মহাতাৰকা ৰনাল্ডো আৰু এমবাপ্পেৰ দ্বৈ-ৰথে টুৰ্ণামেন্টৰ আকৰ্ষণ অধিক বৃদ্ধি কৰিব বুলি ব্যাপক চৰ্চা ফুটবলপ্ৰেমীৰ মাজত। এইবাৰৰ টুৰ্ণামেন্টত ৬ টা গ্ৰুপ। প্ৰতিটো গ্ৰুপত ৪ টাকৈ দল।

২৪টা দলৰ ৬টা দলেই টুৰ্ণামেন্টখনৰ খিতাপৰ প্ৰবল দাবীদাৰ। ডিফেণ্ডিং চেম্পিয়ন পৰ্তুগালৰ সন্মুখত প্ৰত্যাহ্বান বেলজিয়াম,ফ্ৰান্স,জাৰ্মানী,স্পেইন আৰু ইটালী। খেলুৱৈৰ বয়সৰ জোখেৰে আটাইতকৈ যুৱ দল স্পেইন। ইফালে, টুৰ্ণামেন্টৰ উদ্বোধনী মেচত তুৰস্কৰ বিৰুদ্ধে ফেভাৰিট ইটালী। ইটালীৰ সৰু সৰু পাছে বিপদত পেলাব পাৰে বিপক্ষক। শক্তিশালী ৰক্ষণ ইটালীৰ বৈশিষ্ট্য।প্ৰতিপক্ষৰ ভুলৰ অপেক্ষাত থাকে ইটালীৰ ষ্ট্ৰাইকাৰ। বিগত ২টা বছৰত এখনো মেচত পৰাস্ত হোৱা নাই দলটো। কিন মইজৰ দৰে তাৰকাৰ দুৰ্দান্ত ফৰ্মে আত্মবিশ্বাস বৃদ্ধি কৰিছে চাৰি বাৰৰ বিশ্ব কাপ বিজয়ী ইটালীৰ। যিয়ে নহওক কৰ’নাকালৰ বন্দীত্বপূৰ্ণ জীৱনৰ মহৌষধ হৈ উঠিব ইউৰো কাপৰ মহাৰণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...