UAEত হাজাৰ হাজাৰ বাংলাদেশীৰ ৰেচিডেন্সি-ৱৰ্ক ভিছা বাতিল; ঢাকাই বিচাৰিলে ভিছা বাতিলৰ কাৰণ

UAEত প্ৰায় ৫,০০০ বাংলাদেশী নাগৰিকৰ ৰেচিডেন্সি আৰু ৱৰ্ক ভিছা বাতিল হোৱা বুলি খবৰ প্ৰকাশ পাইছে। ‘দ্য ডেইলী ষ্টাৰ’ৰ সংবাদ প্ৰতিষ্ঠানৰ প্ৰতিবেদন অনুসৰি, এই সিদ্ধান্তত শ্ৰমিক, ব্যৱসায়ী আৰু দীৰ্ঘদিনীয়া বাসিন্দা প্ৰভাৱিত হৈছে।

ইয়াৰে বহুতে ছুটী অথবা পৰিয়ালৰ কামত বাংলাদেশলৈ যোৱাৰ পাছত UAEৰ বাহিৰত থাকোঁতেই ভিছা বাতিল হোৱাৰ খবৰ লাভ কৰে। ভিছা বাতিলৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।

প্ৰভাৱিত একাংশ লোকে জনোৱা মতে, তেওঁলোকে ই-মেইল, মোবাইল বাৰ্তা অথবা UAEত থকা স্পনছৰৰ জৰিয়তে ভিছা বাতিলৰ জাননী লাভ কৰে। বহুতে দাবী কৰিছে যে তেওঁলোকক আগতীয়াকৈ কোনো জাননী দিয়া হোৱা নাছিল আৰু ভিছা বাতিলৰ স্পষ্ট কাৰণো জনোৱা হোৱা নাছিল।

প্ৰভাৱিত লোকসকলৰ ভিতৰত UAEত কেইবা বছৰ আনকি কেইবাটাও দশক ধৰি বসবাস কৰা লোকো আছে। তেওঁলোকৰ একাংশই ব্যৱসায় স্থাপন কৰাৰ লগতে সম্পত্তি ক্ৰয় কৰিছে আৰু ডুবাই, আবুধাবীকে ধৰি বিভিন্ন চহৰত পৰিয়ালসহ বসবাস কৰি আহিছে।

ইফালে, বাংলাদেশ চৰকাৰে বিষয়টোত UAE কৰ্তৃপক্ষ তথা দূতাবাসৰ সৈতে যোগাযোগ কৰিছে। কোনো আইন উলংঘাৰ সৈতে জড়িত নোহোৱা লোকসকলৰ গোচৰ পুনৰীক্ষণ কৰি ভিছা পুনৰ বিবেচনাৰ দাবী জনাইছে ঢাকাই।

প্ৰভাৱিত প্ৰবাসীসকলে চৰকাৰৰ জৰুৰী হস্তক্ষেপৰ লগতে বিকল্প কৰ্মসংস্থাপন আৰু জীৱিকা পুনৰ গঢ়ি তোলাৰ ক্ষেত্ৰত সহায় বিচাৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘এই স্বৰ্ণ ৰাইজৰ আশীৰ্বাদৰ ফল…’ স্বগৃহলৈ উভতি আবেগিক লাভলীনা

এছিয়ান গেমছত স্বৰ্ণ জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা...

চকুৰে নেদেখিলেও হাতৰ পৰশত প্ৰাণ পায় বাঁহ-বেতে; ৫১ বছৰ ধৰি বাঁহ-বেতৰ শিল্পৰ মাজেৰে জীৱন যুঁজ ৬৭ বছৰীয়া কুশল ফুকনৰ

দুয়োটা চকুৰে নেদেখে তেওঁ। স্কুলীৰ দিনতে দুৰ্ভাগ্যজনকভাৱে হেৰুৱাইছিল দৃষ্টিশক্তি।...

পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় নানা পাটেকৰক; পুনেত বিয়লি ৪ বজাত সম্পন্ন হ’ব শেষকৃত্য

প্ৰবীণ অভিনেতা নানা পাটেকৰৰ শেষকৃত্য আজি পুনেৰ ডোঞ্জে অঞ্চলত...