বিধানসভাত নাৰী সমাজৰ বাবে দুটাকৈ ঐতিহাসিক সিদ্ধান্ত

মুন গোস্বামী

আজি অন্ত পৰিল ষষ্ঠদশ অসম বিধানসভাৰ ৫ দিনীয়া প্ৰথমখন চমু অধিৱেশনৰ। অভূতপূৰ্ব সংখ্যাগৰিষ্ঠতাৰে তৃতীয় বাৰৰ বাবে পুনৰ ক্ষমতালৈ অহা NDA চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 2.0 চৰকাৰে শপত গ্ৰহণৰ পিছতেই বিধানসভাৰ প্ৰথমখন অধিবেশনতে নাৰী সমাজৰ বাবে গ্ৰহণ কৰে দুটাকৈ ঐতিহাসিক সিদ্ধান্ত।

সিদ্ধান্ত নম্বৰ ১ –
যুৱতী তথা মহিলাসকলৰ আত্মসন্মান আৰু সুৰক্ষা সুনিশ্চিত কৰিবলৈ বুধবাৰে বিধানসভাত গৃহীত কৰা হ’ল “সমৰূপ নাগৰিক সংহিতা” চমুকৈ UCC বিধেয়ক। কংগ্ৰেছসহ বিৰোধীৰ প্ৰতিবাদ আৰু আপত্তিৰ মাজতো বিধেয়কখন বিধানসভাত গৃহীত কৰে শাসকপক্ষৰ বিধায়কসকলে। UCC বলবৎ কৰা দেশৰ তৃতীয়খন ৰাজ্যত পৰিণত হ’ল অসম।

সিদ্ধান্ত নম্বৰ ২ –
দেশৰ সংসদ আৰু সকলো বিধানসভাতে মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ তাৎক্ষণিক ব্যৱস্থা লবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই অসম বিধানসভাত গৃহীত কৰা হ’ল চৰকাৰী সংকল্প প্ৰস্তাৱ। বিৰোধীৰ তুমুল বিৰোধিতাৰ মাজতো মঙলবাৰে চৰকাৰী সংকল্প প্ৰস্তাৱটো বিধানসভাত গৃহীত কৰে চৰকাৰী পক্ষই।

তাৎপৰ্যপূৰ্ণভাৱে ষষ্ঠদশ বিধানসভাৰ প্ৰথমখন অধিৱেশনত গ্ৰহণ কৰা এই দুটাই হ’ল চৰকাৰৰ অন্যতম উল্লেখনীয় পদক্ষেপ। ইয়াৰ বিপৰীতে প্ৰথমখন অধিৱেশনত নৱনিৰ্বাচিত বিধায়কসকলৰ শপতগ্ৰহণ আৰু ৰাজ্যপালৰ ভাষণৰ বাহিৰে নাছিল আন কোনো বিশেষ গুৰুত্বপূৰ্ণ কাৰ্যসূচী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NEET UG পুনঃপৰীক্ষাৰ বাবে টেলিগ্ৰামৰ ওপৰত নিষেধাজ্ঞা; দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম

NEET UG পৰীক্ষাৰ পূৰ্বে চৰকাৰে অস্থায়ীভাৱে টেলিগ্ৰাম নিষিদ্ধ কৰাৰ...

কফ চিৰাপ কিনাৰ বাবেও লাগিব চিকিৎসকৰ প্ৰেছক্ৰিপছন

এতিয়াৰে পৰা কফ চিৰাপ ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত জাৰি কৰা হৈছে...

বুধবাৰৰ দিনটো মেছিৰ বাবে উল্লেখযোগ্য; এইবাৰৰ বিশ্বকাপ মেছিৰ বাবে অন্তিম বিশ্বকাপ হ’ব নেকি?

চলি আছে বিশ্বকাপ ফুটবল। এতিয়াও খেলপথাৰত নমা নাই বিশ্বকাপৰ...