উত্তৰ-পূৰ্বাঞ্চলত আত্মপ্ৰকাশ কাৰ্তিকেয় বাজপেয়ীৰ বহুল চৰ্চিত উপন্যাস ‘দ্য আনবিকামিং’

উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে প্ৰকাশ পালে বিশিষ্ট লেখক, অধিবক্তা তথা সু-বক্তা কাৰ্তিকেয় বাজপেয়ীৰ বহুল চৰ্চিত উপন্যাস ‘দ্য আনবিকামিং: লেট লাইফ ৰিভিল ইটছ পাৰপাছ’। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয় এই গ্ৰন্থখনিৰ উন্মোচনী অনুষ্ঠান। উপন্যাসখনিৰ উত্তৰ-পূবৰ সংস্কৰণৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে সাংবাদিক, ছাত্ৰ-ছাত্ৰী, শিক্ষাবিদৰ লগতে স্থানীয় সাহিত্য জগতৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।
পেঙ্গুইন ৰেণ্ডম হাউচ ইণ্ডিয়াৰ দ্বাৰা প্ৰকাশিত ‘দ্য আনবিকামিং’ গ্ৰন্থখনে পৰিচয়, আত্মসচেতনতা, জীৱনৰ উদ্দেশ্য আৰু আধুনিক জীৱনৰ আবেগঘন জটিলতাসমূহ সমকালীন দৃষ্টিভঙ্গীৰে দাঙি ধৰিছে। গুৱাহাটীত গ্ৰন্থখনৰ এই উন্মোচনী অনুষ্ঠানে উত্তৰ-পূব ভাৰতৰ সৈতে ‘দ্য আনবিকামিং’-ৰ এক নতুন সংযোগৰ সূচনা কৰে। একে সময়তে সাহিত্য, তৰুণ প্ৰজন্ম আৰু আত্ম-অনুসন্ধানমূলক আলোচনাৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপেও প্ৰতিপন্ন হয় এই অঞ্চল। উল্লেখ্য যে, এই উপন্যাসখনৰ ভূমিকা লেখক হিচাপে আছে দালাই লামা আৰু স্বামী সৰ্বপ্ৰিয়ানন্দ। উপন্যাসখনৰ মূল চৰিত্ৰ হিচাপে তুলি ধৰা হৈছে জনপ্ৰিয় ক্ৰিকেটাৰ সিদ্ধাৰ্থ আৰু তেওঁৰ মাৰ্গদৰ্শক অজয়ক। কাহিনীভাগ আগবাঢ়ি যোৱাৰ লগে লগে পৰিচয়, প্ৰত্যাশা, আত্ম-অনুসন্ধান আৰু অন্তৰ্নিহিত পৰিৱৰ্তনক লৈ বিভিন্ন গভীৰ প্ৰশ্নৰ মুখামুখি হ’বলগীয়া হয় তেওঁলোক।

অনুষ্ঠানত গ্ৰন্থখনিৰ উন্মোচনৰ লগতে অতিৰিক্ত মানসিক চাপযুক্ত জীৱনত সফলতাৰ দৌৰ, ভয়, স্বীকৃতিৰ হেঁপাহ আৰু জীৱনৰ প্ৰকৃত অৰ্থ অন্বেষণৰ দৰে বিষয়সমূহক লৈয়ো এক গভীৰ আলোচনা হয়। আলোচনাত আত্মপৰিচয়, মানসিক চাপ আৰু ব্যক্তিগত উপলব্ধিৰ বিভিন্ন দিশ বিশেষভাৱে প্ৰকাশ পায়। উপস্থিতসকলক সম্বোধন কৰি লেখক, অধিবক্তা তথা সু-বক্তা কাৰ্তিকেয় বাজপেয়ীয়ে কয়, “আমাৰ জীৱনৰ এক বৃহৎ সময় সমাজ, উচ্চাকাঙ্ক্ষা বা ভয়ে গঢ়ি দিয়া এটা পৰিচয় হৈ উঠাৰ প্ৰচেষ্টাত অতিবাহিত হয়। অথচ অতি কম সংখ্যক মানুহেহে ক্ষন্তেক থমকি নিজক প্ৰশ্ন কৰে যে, সেই পৰিচয় প্ৰকৃততে তেওঁৰ নিজৰ হয়নে নহয়। ‘দ্য আনবিকামিং’ গ্ৰন্থখনে আমাক সেই গভীৰ প্ৰশ্নৰ সন্মুখত থিয় কৰাই অলপ থমকি চিন্তা কৰিবলৈ শিকায়।” তেওঁ লগতে কয় যে কাহিনীয়ে মানুহক কোনো ধৰণৰ বিচাৰ নকৰাকৈ অতি সততাৰে জীৱনৰ কঠিন সত্যসমূহ বুজি পোৱা আৰু গ্ৰহণ কৰাত সহায় কৰে।

ইফালে, ‘দ্য আনবিকামিং’ গ্ৰন্থখনৰ আনুষ্ঠানিক উন্মোচনৰ পাছত লেখক কাৰ্তিকেয় বাজপেয়ীয়ে গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি তথা বিশিষ্ট সাংবাদিক খগেন কলিতাৰ সৈতে এক মত-বিনিময়মূলক আলোচনাত অংশগ্ৰহণ কৰে। আলোচনাত খগেন কলিতাই কয়, “যি সময়ত জনসাধাৰণৰ মাজৰ আলোচনা কেৱল ক্ষিপ্ৰতা আৰু উপৰুৱা বিষয়তে সীমাবদ্ধ হৈ পৰিছে, তেনে সময়ত ‘দ্য আনবিকামিং’-ৰ দৰে গ্ৰন্থই আত্মবিশ্লেষণ আৰু গভীৰ চিন্তাৰ বাবে এক গুৰুত্বপূৰ্ণ পৰিসৰ গঢ়ি তোলে। পৰিচয় আৰু অন্তৰ্দৃষ্টি সম্পৰ্কে কাৰ্তিকেয় বাজপেয়ীৰ চিন্তাধাৰাই বৰ্তমানৰ তীব্ৰ মানসিক চাপৰ মাজত ডাঙৰ-দীঘল হোৱা তৰুণ প্ৰজন্মৰ সৈতে এক গভীৰ সংযোগ স্থাপন কৰে।”

আলোচনাৰ সময়ত কাৰ্তিকেয় বাজপেয়ীয়ে কয় যে উত্তৰ-পূব ভাৰতৰ বৌদ্ধিক আৰু সাংস্কৃতিক সংবেদনশীলতাই অৰ্থবহ সাহিত্যিক চৰ্চা আদৰি ল’ব পৰা এক বিশেষ পৰিৱেশৰ সৃষ্টি কৰিছে। তেওঁ উপস্থিত দৰ্শকসকলৰ সৈতে মানসিক দৃঢ়তা, জীৱনৰ উদ্দেশ্য, আসক্তিহীনতা আৰু বৰ্তমান সময়ত তৰুণ প্ৰজন্মৰ ওপৰত ক্ৰমাৎ বৃদ্ধি পোৱা মানসিক চাপক লৈয়ো এক মুকলি মত-বিনিময় কৰে। সাহিত্য আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত উপস্থিত ব্যক্তিসকলে এই আলোচনাটোক চিন্তাশীল, সতেজ আৰু বৰ্তমান সময়ৰ বাস্তৱতাৰ সৈতে অত্যন্ত প্ৰাসংগিক বুলি অভিহিত কৰে। বিশেষকৈ মানসিক সুস্থতা আৰু নিৰন্তৰ সফলতাৰ দৌৰে সৃষ্টি কৰা মানসিক চাপক লৈ ক্ৰমবৰ্ধমান উদ্বেগৰ প্ৰেক্ষাপটত এই আলোচনাই বহুতৰে মন চুই যায়।

অনুষ্ঠানৰ শেষৰফালে দৰ্শকসকলৰ সৈতে প্ৰশ্নোত্তৰ পৰ্ব আৰু গ্ৰন্থত স্বাক্ষৰ কৰাৰ এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। উত্তৰ-পূব ভাৰত ভ্ৰমণৰ অংশ হিচাপে কাৰ্তিকেয় বাজপেয়ীয়ে গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতেও মত-বিনিময়মূলক আলোচনাত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ অংশ হিচাপে জে চি আই ইণ্ডিয়া জ’ন ২৫-ৰ উদ্যোগত আয়োজিত এটা বৃহৎ যুৱ সংবাদ আৰু কাহিলীপাৰাৰ মডাৰ্ন ইংলিছ স্কুলত অনুষ্ঠিত বিশেষ কাৰ্যসূচীতো অংশগ্ৰহণ কৰে কাৰ্তিকেয় বাজপেয়ীয়ে।ইয়াৰ উপৰিও, বিভিন্ন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে তেওঁ জীৱনৰ উদ্দেশ্য, আত্মপৰিচয়, মানসিক সুস্থতা আৰু সফলতাৰ প্ৰচলিত ধাৰণাৰ উৰ্ধলৈ গৈ জীৱনক চোৱাৰ দৃষ্টিভংগীক লৈয়ো আলোচনা কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিধানসভাত নাৰী সমাজৰ বাবে দুটাকৈ ঐতিহাসিক সিদ্ধান্ত

মুন গোস্বামী আজি অন্ত পৰিল ষষ্ঠদশ অসম বিধানসভাৰ ৫ দিনীয়া...

গুৱাহাটীৰ ৰাজপথত এটা সম্ভাৱনাৰ অপমৃত্যু

গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনাত পুনৰ অপমৃত্যু ঘটিল এটা সম্ভাৱনাৰ। বিধানসভাৰ...

ৰাজ্যত পুনৰ বাল্যবিবাহৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ

ৰাজ্যত পুনৰ বাল্যবিবাহৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ। এইবাৰ জামুগুৰিহাটত নাবালিকাক...

পাকিস্তানত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত ২৪জনকৈ লোক

এই দৃশ্য পাকিস্তানৰ বেলোচিস্তানৰ কোৱেটাৰ। চামান পট্টক ছিগনেল পোৱাৰ...