গুৱাহাটীৰ ৰাজপথত এটা সম্ভাৱনাৰ অপমৃত্যু

গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনাত পুনৰ অপমৃত্যু ঘটিল এটা সম্ভাৱনাৰ। বিধানসভাৰ সন্মুখত নিশা সংঘটিত হ’ল এটা ভয়ংকৰ ঘটনা। তীব্ৰবেগত বিদ্যুতৰ খুঁটাত খুন্দা এখন বাইকৰ। বিদ্যুতৰ খুঁটাত খুন্দা মৰাৰ পিছতে দাউদাউকৈ জ্বলি উঠে বাইকখন। লগে লগে মুখমণ্ডল জ্বলি থিতাতে নিহত হয় বাইক আৰোহী যুৱকজন। নিহত যুৱকজন ধেমাজিৰ বাসৱৰাজ চুতীয়া বুলি চিনাক্ত কৰা হৈছে।

নৰেন্দ্ৰ চুতীয়া আৰু মৃদুলা চুতীয়াৰ একমাত্ৰ পুত্ৰ আছিল বাসৱৰাজ চুতীয়া। দুৰ্ঘটনাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে GMCHলৈ প্ৰেৰণ কৰে যুৱকজনৰ নিথৰ দেহ। বৰ্তমান GMCHৰ মৰ্গত ৰখা হৈছে যুৱকজনৰ মৃতদেহ। আনফালে ধেমাজিৰ পৰা গুৱাহাটীলৈ ৰাওনা হৈছে বাসৱৰাজৰ পৰিয়াল।

মৃত বাসৱৰাজ চুতীয়া আছিল আৰ্কিটেক্ট ইঞ্জিনীয়াৰ। দিল্লীত অধ্যয়ন কৰা বাসৱ অসমলৈ উভতি আহি গুৱাহাটীৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল। মঙলবাৰে নিশা এজন বন্ধুৰ ভাড়াঘৰৰ পৰা নিজৰ ভাড়াঘৰলৈ গৈ থাকোতেই সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে, আজি পুৱাই ধেমাজিৰ ঘৰলৈ যোৱাৰ কথা আছিল যুৱকজন। নিজৰ জন্ম ঠাইৰ পৰাই নিজাকৈ কিবা এটা কৰাৰ সপোন দেখিছিল যুৱকজনে। যাৰ বাবে ধেমাজিলৈ গৈ ঠিক কৰাৰ কথা আছিল ৰুম। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস…গুৱাহাটীৰ ৰাজপথত ভয়ংকৰ দুৰ্ঘটনাত শেষ হৈ গ’ল বাসৱৰ সপোনবোৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি...