ৰাজ্যত পুনৰ বাল্যবিবাহৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ

ৰাজ্যত পুনৰ বাল্যবিবাহৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ। এইবাৰ জামুগুৰিহাটত নাবালিকাক বিয়া পাতি ৰঙাঘৰৰ আলহী এজন। ১৬বছৰীয়া কিশোৰীক বিয়া পাতি ৰঙাঘৰৰ আলহী হ’ল নুৰ হুছেইন। জামুগুৰিহাটৰ লালেটাপুত সংঘটিত হৈছে এই ঘটনা। পূৰ্বেও বিবাহিত, ৩টা সন্তান থকাৰ পিছতো বিভিন্ন প্ৰলোভনেৰে নাবালিকাগৰাকীক বিয়া পাতিছিল নুৰ হুছেইনে। ঘটনা পোহৰলৈ অহাৰ পিছতে নুৰ হুছেইনৰ বিৰুদ্ধে জামুগুৰি আৰক্ষী থানাত দাখিল কৰা হয় এজাহাৰ। পৰৱৰ্তী সময়ত অভিযুক্ত নুৰ হুছেইনক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি...