পাকিস্তানত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত ২৪জনকৈ লোক

এই দৃশ্য পাকিস্তানৰ বেলোচিস্তানৰ কোৱেটাৰ। চামান পট্টক ছিগনেল পোৱাৰ সময়তে এখন বিস্ফোৰকভৰ্তি গাড়ীয়ে তীব্ৰ গতিত গৈ খুন্দা মাৰে। লগে লগে ভয়াৱহ বিস্ফোৰণত কঁপি উঠে অঞ্চলটো। পাকিস্তানী সেনা লৈ যোৱা ৰে’লখন জ্বলি উঠে। অগ্নিকুণ্ডত পৰিণত হয় বহুকেইখন গাড়ী।

আত্মঘাতী কাৰবোমা বিস্ফোৰণটোত ২৪ গৰাকী লোক নিহত হৈছে। আহত হৈছে শতাধিক লোক। নিহতৰ ভিতৰত পাকিস্তানী সেনা আৰু তেওঁলোকৰ পৰিয়ালৰ লোক। ৰে’লখনত প্ৰায় ৩০০ পাকিস্তানী সেনা আৰু পৰিয়ালৰ লোক আছিল। বিস্ফোৰণৰ ফলত ২৫–৩০ মিটাৰ নিলগৰ পাৰ্কিঙত থকা বহু গাড়ী জ্বলি উঠে।

ঈদৰ বাবে ৰে’লেৰে সেনাসকল ঘৰলৈ গৈছিল। কিন্তু পৰিকল্পিতভাৱে বিদ্ৰোহীয়ে সংঘটিত কৰে এই আক্ৰমণ। দেওবাৰে পুৱাই আত্মঘাতী বিস্ফোৰণটোত ৰে’লখন লাইনচ্যুত হোৱাৰ লগতে এটা দবা সম্পূৰ্ণৰূপে ধ্বংস হৈ যায়। বিস্ফোৰণত আহতসকলক তাৎক্ষণিকভাৱে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ BLAৰ। পূৰ্ব পৰিকল্পিতভাৱে বেলুচিস্তান লিবাৰেশ্যন আৰ্মীয়ে এই অপাৰেশ্যন চলায়। অভিযানৰ সবিশেষ শীঘ্ৰে প্ৰকাশ কৰিব বুলিও জনাইছে BLA-য়ে। দীৰ্ঘদিন ধৰি বেলুচিস্তান লিবাৰেশ্যন আৰ্মীয়ে স্বাধীন বেলুচিস্তানৰ দাবীত চলাই আহিছে সংগ্ৰাম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি...