ডিমৌত গাড়ীৰ ভিতৰতে উদ্ধাৰ যুৱকৰ মৃতদেহ

ডিমৌৰ জামুকতলত এজন যুৱকৰ মৃতদেহ তেওঁৰ গাড়ীৰ ভিতৰতে উদ্ধাৰ কৰা হৈছে। মৃত যুৱকজন থাওৰা মাজগাঁৱৰ হিতেশ্বৰ গগৈৰ একমাত্ৰ পুত্ৰ পৰাগ জ্যোতি গগৈ (২৬) বুলি চিনাক্ত কৰা হৈছে।

আজি সন্ধিয়া ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এডোখৰ মাটিত AS-06-M-5695 নম্বৰৰ ইয়ন গাড়ীখনৰ ভিতৰত পৰাগ জ্যোতি গগৈৰ মৃতদেহ স্থানীয় লোকে প্ৰত্যক্ষ কৰে। বিয়লি ১:৩০ বজাৰ পৰা গাড়ীখন একে স্থানতে ৰৈ আছিল বুলি জনা গৈছে। সন্ধিয়ালৈকে গাড়ীখন ৰৈ থকাত সন্দেহবশতঃ স্থানীয় লোকে পৰীক্ষা কৰোতে ঘটনা পোহৰলৈ আহে।

স্থানীয় লোকে জনাইছে যে, পৰাগ জ্যোতি গগৈৰ সৈতে থাওৰা মাজগাঁৱৰ বিশ্বজিৎ গগৈ ওৰফে কেম্বেল নামৰ এজন যুৱক আছিল। বিশ্বজিৎ গগৈক ড্ৰাগছ সৰবৰাহকাৰী বুলি পৰিচিত। ৰাইজৰ দাবী অনুসৰি, বিশ্বজিতে দিয়া ড্ৰাগছ সেৱন কৰিয়েই পৰাগ জ্যোতি গগৈৰ মৃত্যু হৈছে। মৃত্যুৰ পিছতে বিশ্বজিৎ গগৈয়ে নিজৰ গাড়ীৰে পলায়ন কৰে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, বিগত দিনতো বিশ্বজিতৰ কবলত পৰি থাওৰাৰে আন এজন যুৱকে একেধৰণে গাড়ীৰ ভিতৰত প্ৰাণ হেৰুৱাইছিল।

ডিমৌ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে। ড্ৰাগছ সেৱনৰ বাবেই মৃত্যু হৈছে নেকি সেয়া পোষ্ট মৰ্টেম ৰিপ’ৰ্টৰ পিছতহে স্পষ্ট হ’ব। আৰক্ষীয়ে বিশ্বজিৎ গগৈক গ্ৰেপ্তাৰ কৰাৰ বাবে অভিযান চলাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কৃষকৰ আঁচনি ৰূপায়ণত গাফিলতি সহ্য কৰা নহ’ব: মন্ত্ৰী পীয়ূষ হাজৰীকা

অহা মাহত ১৫ লাখ উদ্যান শস্যৰ পুলি বিতৰণৰ লক্ষ্য...

চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ বাবে সুখবৰ

যাতায়াতজনিত অসুবিধাৰ বাবে বিদ্যালয়লৈ যাব পৰা নাই নেকি? অভিভাৱক,...

শিক্ষা সেতু এপ্লিকেশ্যন সংস্থাপনৰ বিৰুদ্ধে সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিবাদ

ৰাজ্যৰ শিক্ষা বিভাগৰ দ্বাৰা ২৭ মে’ তাৰিখে জাৰি কৰা...

গুৱাহাটীত ভয়ংকৰ ঘটনা

দিনতো সুৰক্ষিত নহয় নেকি গুৱাহাটী? সন্তানক অকলে এৰি দিয়াৰ...