মৰিগাঁৱৰ নিকৃষ্ট হত্যাকাণ্ডৰ নতুন মোৰ

মৰিগাঁৱৰ নিকৃষ্ট হত্যাকাণ্ডৰ নতুন মোৰ
এমহীয়া সন্তানৰ সন্মুখতে ধৰ্ষণ, হত্যা কৰা হৈছিল মাতৃক
কিন্তু, প্ৰকৃততে তেনে নাছিল ঘটনাক্ৰম!

খবৰ ওলাইছিল যে নিজৰ এমহীয়া সন্তানৰ সন্মুখতে মাতৃ নিকিতা দেৱীক ধর্ষণ কৰি হত্যা কৰা হৈছিল। সন্তানটোৰ কাষতে ওলংগ হৈ পৰি আছিল মাতৃৰ মৃতদেহ। ডিঙি চেপি হত্যা কৰা হৈছিল মহিলাগৰাকীক। দাবী কৰিছিল স্বামী পিংকু নাথে। প্ৰত্যক্ষদৰ্শী আৰু আত্মীয়ৰো দাবী আছিল অনুৰূপ। ঘটনাৰ বিৱৰণ অনুসৰি বিগত মঙ্গলবাৰে পুৱা মৃত নিকিতা দেৱীৰ মাতৃয়ে নিকিতা দেৱী আৰু পতি পিংকো নাথৰ ঘৰত উপস্থিত হৈ উলংগ অৱস্থাত জীয়ৰী নিকিতা দেৱীৰ মৃতদেহ প্ৰত্যক্ষ কৰিছিল। বিগত তিনিটা দিনে মৰিগাঁও সদৰ আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত চলালে। আৰু কেঁচু খান্দোতে ওলাল সাপ। শুনক আৰক্ষীৰ মুখেৰেই।

ধৰ্ষণ হোৱা নাছিল মহিলাগৰাকীৰ!
স্বামী পিংকু নাথেই হত্যা কৰিছিল পত্নীক
হিন্দী চিৰিয়েল SAVDHAN INDIA আৰু CRIME PETROL চাইছিল পিংকুৱে

আৰক্ষীৰ তদন্ত পোহৰলৈ আহিছে হত্যাকাণ্ডৰ সমগ্ৰ ৰহস্য। সোমবাৰে অৰ্থাৎ বিশ্বকৰ্মা পূজাৰ নিশা প্ৰায় ১০ ৰ পৰা ১১ বজাৰ ভিতৰতে পত্নী নিকিতা দেৱীক হত্যা কৰিছিল পিংকো নাথে। পত্নীক হত্যা কৰি ধর্ষণৰ ৰূপ দি নিজৰ সদ্যজাত শিশুটিক পত্নীৰ মৃতদেহৰ ওচৰতে ওৰে নিশা পেলাই গুচি গৈছিল নিজৰ কৰ্মস্থলীলৈ। মঙ্গলবাৰে পোৱা প্ৰায় ৯ বজাত শাহুৱেকৰ পৰা খবৰ লাভ কৰাৰ পিছত হে ঘুৰি আহিছিল নিজৰ ঘৰলৈ। প্ৰাথমিক তদন্তত আৰক্ষীয়ে ঘৰুৱা কাণ্ডলৰ বাবে পত্নীক হত্যা কৰিলে বুলি সন্দেহ কৰিছে যদিও অতি চতুৰ হত্যাকাৰী পিংকোৰ পৰা প্ৰকৃত কাৰণ এতিয়াও উলিয়াবলৈ সক্ষম হোৱা নাই। অন্যহাতে নিজৰেই সদ্যজাত শিশুটিক কিয় এনেদৰে উৰে নিশা অকলশৰে পেলাই থলে, বা শিশুটিক হত্যা কৰাৰ চেষ্টা কৰিছিল নেকি সেইয়া বর্তমানলৈ ৰহস্য হৈয়ে আছে। শিশুটিক চাইল্ড কেয়াৰৰ দায়িত্বত দি ১০ দিনৰ জিম্মাত লৈ অভিযুক্ত জেৰা চলাইছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...