২.২ লাখ গৰাকী ঋণীক তৃতীয় পৰ্যায়ত ২৯১ কোটি টকা ৰাজসাহায্যৰে সকাহ প্রদান

অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ তৃতীয় পৰ্যায়ৰ সাহায্য বিতৰণী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্রহণ

২.২ লাখ গৰাকী ঋণীক তৃতীয় পৰ্যায়ত ২৯১ কোটি টকা ৰাজসাহায্যৰে সকাহ প্রদান

ন’ ডিউছ চার্টিফিকেট লাভ কৰাৰ ফলত ঋণ গ্রহণকাৰীসকলে পুনৰাই ঋণ ল’ব পৰাকৈ যোগ্য বিবেচিত হ’ব : মুখ্যমন্ত্রী

চতুৰ্থ পৰ্যায়ৰ সকাহ আঁচনি আৰম্ভ কৰা হ’ব : মুখ্যমন্ত্রী

অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ তৃতীয় পৰ্যায়ৰ সাহায্য বিতরণ উপলক্ষে আজি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্রহণ কৰে। উল্লেখ্য যে ২০২১ চনৰ ৩১ মাৰ্চলৈকে যিসকল ব্যক্তিৰ একাউণ্ট এন পি এ হৈ আছে তেওঁলোকক এই আঁচনিখনে তৃতীয় পৰ্যায়ৰ অধীনত সকাহ প্ৰদান কৰিব। তৃতীয় পৰ্যায়ত ২৯১ কোটি টকা চৰকাৰী ৰাজসাহায্যত ২.২২ লাখ গৰাকী ঋণীয়ে ঋণ দাতাৰ পৰা ন’ ডিউছ চার্টিফিকেট লাভ কৰিব। আর্থিকভাৱে পিছপৰা মাইক্ৰ ‘ফাইনেন্স ঋণীসকলৰ পৰা চৰকাৰে এক বৃহৎ পৰিমাণৰ আৰ্থিক বোজা আঁতৰাই পেলোৱাৰ লগতে ইয়াৰ বাবে তেওঁলোকে পুনৰাই ঋণ ল’ব পৰাকৈ যোগ্য বিবেচিত হ’ব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তৃতীয় পৰ্যায়ৰ সকাহ আঁচনিৰ জৰিয়তে ২.২ লাখ মহিলাই পুনৰ বেংকৰ পৰা ঋণ ল’ব পাৰিব। অসম মাইক্র ফাইনেন্স উদগনি আৰু সকাহ আঁচনিখন দেশৰ ভিতৰতে এনেধৰণৰ প্ৰথম আঁচনি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আঁচনিখনৰ মুখ্য উদ্দেশ্য আছিল ক্ষুদ্ৰ বিত্তীয় প্রতিষ্ঠান আৰু বেংকৰ পৰা ঋণ গ্ৰহণ কৰা মহিলাসকলক সকাহ প্ৰদান কৰা। তেওঁ লগতে কয় যে বিশেষ পৰিস্থিতিৰ বাবে তেওঁলোকে ঋণ লোৱা ধনখিনি সম্পূৰ্ণৰূপে ঘূৰাই দিব পৰা নাছিল।

তৃতীয় পৰ্যায়ত এই আঁচনিখনৰ সফল ৰূপায়ণৰ বাবে প্ৰায় ৩০০ কোটি টকাৰ সুন্দৰ আয় বেহাই দিবলৈ সন্মতি হোৱাৰ বাবে ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে এই আঁচনিৰ হিতাধিকাৰীসকলক ভবিষ্যতে কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা ঋণ ধনৰাশি সম্পূৰ্ণ আৰু সময়মতে পৰিশোধ কৰিবলৈ আহ্বান জনায়। ন’ ডিউছ চাৰ্টিফিকেট লাভ কৰাৰ ফলত বিত্তীয় অন্তর্ভূক্তিৰ প্ৰক্ৰিয়াত সহায়ক হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আগন্তুক দিনত আঁচনিখনৰ চতুর্থ পৰ্যায়ৰ শুভাৰম্ভ কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে কয় যে, ক’ভিড-১৯ অতিমাৰী পৰিস্থিতি আৰু কা বিৰোধী আন্দোলনৰ বাবে তেওঁলোকে ঋণ পৰিশোধ কৰিব নোৱাৰাৰ প্ৰাথমিক কাৰণ আছিল । এতিয়া অতিমাৰী আৰু তেনে পৰিস্থিতি নোহোৱা হোৱাৰ ফলত ৰাজ্যখনত এক সুস্থ ঋণৰ পৰিৱেশ গঢ়ি তোলাটো গুৰুত্বপূৰ্ণ বুলিও তেওঁ কয়। ৰাজ্য চৰকাৰে ক্ষুদ্ৰ বিত্তীয় ঋণ পৰিশোধ নকৰাসকলক সকাহ দিয়াৰ প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত পিছুৱাই যোৱাৰ অভিযোগ উত্থাপন কৰা সংবাদ মাধ্যমৰ বাতৰিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে ২০২১ চনৰ ৩১ মাৰ্চলৈ যিসকল ব্যক্তিৰ একাউণ্ট এন পি এ হৈ আছে তেওঁলোকক এই আঁচনিখনৰ অধীনত যোগ্য বুলি বিবেচিত হ’ব।

আজিৰ এই অনুষ্ঠানত বিত্ত আদি বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্রী জয়ন্ত মল্লবৰুৱা, পৰিৱেশ আৰু বন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, শীৰ্ষ বিষয়াসকলৰ লগতে মাইক্র ফাইনেন্স প্রতিষ্ঠানৰ প্ৰতিনিধিসকল উপস্থিত আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

Seven Rescued Golden Langurs Released Back into the Wild at Sikhna Jwhwlao National Park, says Assam Forest Jayanta Mallabaruah

Assam Forest Minister Jayanta Mallabaruah has announced the successful...

ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদ-বদল

IAS এছ আব্বাছিক জলসিঞ্চন বিভাগৰ বিশেষ মুখ্য সচিবৰ দায়িত্বগৃহ...

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বাবে সুখবৰ; Quality Council of Indiaৰ পৰা লাভ কৰিলে বিশেষ স্বীকৃতি

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)ৰ বাবে আহিল এটা অত্যন্ত গুৰুত্বপূৰ্ণ...