আজি স্বাক্ষৰিত চুক্তিৰ জৰিয়তে ৫ হাজাৰ গৰাকীয়ে নিয়োগৰ সুবিধা লাভ কৰিব: মুখ্যমন্ত্রী

মুখ্যমন্ত্ৰীৰ উপস্থিতিত অসম চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠানৰ মাজত ৩,১১৪ কোটি টকা বিনিয়োগৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ

কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেল স্থাপনৰ বাবে জেনিপ্র’ হোটেলছ প্রাইভেট লিমিটেড আৰু এ টি ডি চিৰ মাজত চুক্তি স্বাক্ষৰিত

আজি স্বাক্ষৰিত চুক্তিৰ জৰিয়তে ৫ হাজাৰ গৰাকীয়ে প্ৰত্যক্ষ অথবা পৰোক্ষ নিয়োগৰ সুবিধা লাভ কৰিব: মুখ্যমন্ত্রী

বিনিয়োগৰ পৰিসৰে অসমক ব্যৱসায়, উদ্যোগৰ বাবে আটাইতকৈ সুৰক্ষিত স্থান বুলি প্ৰমাণ কৰিছে : মুখ্যমন্ত্রী

বিনিয়োগৰ প্ৰস্তাৱ কাৰ্যকৰীকৰণত অধিক পলম হ’লে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ আহিবলৈ সম্ভাব্য বিনিয়োগকাৰীসকলক মুখ্যমন্ত্ৰীৰ আহ্বান

ৰাজ্যখনত ৩,১১৪ কোটি টকা বিনিয়োগেৰে বৃহৎ ঔদ্যোগিক পার্ক স্থাপনৰ বাবে আজি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অসম চৰকাৰৰ উদ্যোগ বিভাগ আৰু ছটাকৈ ব্যক্তিগত খণ্ডৰ উদ্যোগিক প্ৰতিষ্ঠানৰ সৈতে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত হাতিমূলী বাগিছা গাঁৱত ১০০ কোটি টকা বিনিয়োগেৰে পঞ্চতাৰকাযুক্ত হোটেল স্থাপনৰ বাবে অসম পৰ্যটন উন্নয়ন নিগম (এ টি ডি চি) আৰু জেনিপ্র’ হোটেলছ প্রাইভেট লিমিটেডৰ মাজত ভূমি লীজ চুক্তি এখনো স্বাক্ষৰিত হয়।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আজি তিনি হাজাৰ কোটি টকা পর্যন্ত বিনিয়োগৰ বাবে চুক্তি স্বাক্ষৰিত হোৱাটোৱে অসমক দেশৰ অন্যতম ঔদ্যোগিক ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ দিশত আগুৱাই যোৱাৰ ইংগিত বহন কৰে। এই বছৰ ব্যক্তিগত খণ্ডৰ কেইবাটাও প্ৰতিষ্ঠানৰ সৈতে হোৱা কেইবাহাজাৰ কোটি টকা বিনিয়োগৰ চুক্তিসমূহ বিভিন্ন পৰ্যায়ত ৰূপায়িত হৈ থকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বর্তমান প্রায় ১০ হাজাৰ কোটি টকা ঔদ্যোগিক বিনিয়োগৰ প্ৰস্তাৱসমূহৰ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ সমিতিয়ে অধ্যয়ন চলাই আছে। তেওঁ লগতে কয় যে ৰাজ্যখনত বিনিয়োগৰ প্ৰক্ৰিয়াটো যাতে অধিক খৰতকীয়া কৰিব পৰা যায় তাৰ বাবে ৰাজ্য চৰকাৰে উচ্চতৰীয় সমিতি গঠন কৰিছে।

আজি স্বাক্ষৰিত বুজাবুজিৰ চুক্তিসমূহ ৰাজ্যখনৰ বাবে এক ঐতিহাসিক বিষয় বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে মেচাৰ্চ কেছাৰ পেট্ৰ প্ৰডাক্টছৰ ২ হাজাৰ কোটি টকাৰ বিনিয়োগে প্রায় ২০০ প্রত্যক্ষ আৰু প্ৰায় ১৮০০ পৰোক্ষ নিয়োগৰ সুযোগ সৃষ্টি কৰিব। আনহাতে, লংছপেন ষ্ট্রাকচাৰ্ছৰ ১২৯ কোটি টকাৰ বিনিয়োগে ২২০ টা প্রত্যক্ষ আৰু ১৮০ টা পৰোক্ষ নিয়োগৰ সুযোগ সৃষ্টি কৰিব। একেদৰে মেচাৰ্চ এছ বি এল বিস্কুত ১৩৯ কোটি টকা, মেচাৰ্চ উমৰাংছু (ইণ্ডিয়া) চিমেন্ট এল এল পিৰ ২৮৫ কোটি টকা, মেচাৰ্চ ছুনিট ক্ৰবেৰীজৰ ১৫১ কোটি টকা আৰু মেচাৰ্চ জেৰিক’ৰ ৪১০ কোটি টকাৰ বিনিয়োগে আন বহু নিয়োগৰ সুযোগ সৃষ্টি কৰিব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে কয় যে ২০১৯ চনৰ পৰা ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ ধাৰাটো যিধৰণে অব্যাহত আছে ইয়াৰ ফলত আগন্তুক ১৮ মাহৰ ভিতৰত বিনিয়োগে ৫০ হাজাৰ কোটি টকাৰ সীমা অতিক্ৰম কৰিব। তেওঁ লগতে কয় যে এতিয়াৰ পৰা আগন্তুক ২-৩ বছৰৰ ভিতৰত ব্যক্তিগত খণ্ডৰ সামগ্রিক বিনিয়োগে ১ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰিব।

ৰাজ্যখনৰ এক দশক বা তাৰ আগৰ আৰ্থ-ৰাজনৈতিক পৰিৱেশৰ আভাষ দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে কয় যে, বৰ্তমান ৰাজ্যখনত এক শান্তিপূর্ণ পৰিবেশ বিৰাজ কৰিছে। এনে পৰিৱেশৰ প্ৰেক্ষাপটত অসমক নিৰাপদ গন্তব্য স্থান হিচাপে গণ্য কৰি ব্যক্তিগত খণ্ডৰ বিনিয়োগকাৰীসকল আগবাঢ়ি আহিছে।

ব্যক্তিগতখণ্ডৰ বিনিয়োগৰ বাবে অনুকূল পৰিবেশ সৃষ্টিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰি অহা বিভিন্ন পদক্ষেপৰ বিষয়েও মুখ্যমন্ত্রীয়ে আলোকপাত কৰে। তেওঁ কয় যে বিনিয়োগকাৰীসকলে আগবঢ়োৱা প্ৰস্তাৱ আৰু অনুৰোধ যাতে কোনো কাৰণতে পলম নহয় সেই দিশত ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে। ব্যক্তিগত খণ্ডক সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ প্ৰতিশ্রুতিবদ্ধ। বিনিয়োগকাৰীসকলৰ প্ৰস্তাৱসমূহ প্ৰক্ৰিয়াকৰণত পলম হ’লে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতেও যোগাযোগ কৰিবলৈ সম্ভাব্য বিনিয়োগকাৰীসকলক মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।

অসম চৰকাৰৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা উদ্যোগসমূহৰ প্ৰতিনিধিসকলৰ উপৰি আজিৰ এই অনুষ্ঠানত উদ্যোগ মন্ত্ৰী বিমল বড়া, পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, শ্রমিক কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ, মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰ আৰু অতিৰিক্ত মুখ্য সচিব ৰবী কোটা উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

Seven Rescued Golden Langurs Released Back into the Wild at Sikhna Jwhwlao National Park, says Assam Forest Jayanta Mallabaruah

Assam Forest Minister Jayanta Mallabaruah has announced the successful...

ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদ-বদল

IAS এছ আব্বাছিক জলসিঞ্চন বিভাগৰ বিশেষ মুখ্য সচিবৰ দায়িত্বগৃহ...

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বাবে সুখবৰ; Quality Council of Indiaৰ পৰা লাভ কৰিলে বিশেষ স্বীকৃতি

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)ৰ বাবে আহিল এটা অত্যন্ত গুৰুত্বপূৰ্ণ...