আমেৰিকাৰ অতি বাঁওপন্থী গোটক ‘ঘৰুৱা সন্ত্ৰাসবাদী’ বুলি অভিহিত কৰাৰ হুংকাৰ ট্ৰাম্পৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ফেচিবাদ বিৰোধী অতি বাঁওপন্থী গোষ্ঠী অ্যান্টিফাক ‘ঘৰুৱা সন্ত্ৰাসবাদী’ হিচাপে ঘোষণা কৰাৰ হুমকি দিছে। দ্বিতীয়বাৰৰ বাবে ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছৰে পৰা তেওঁ আমেৰিকাৰ অতি বাঁওপন্থীসকলৰ ওপৰত আক্ৰমণ চলাই আহিছে। তেওঁ বাৰে বাৰে অভিযোগ কৰিছে যে অতি বাঁওপন্থীসকলৰ বিভিন্ন বক্তব্যৰ বাবেই আমেৰিকাত হিংসাৰ বিস্তাৰ হৈছে। শেহতীয়াকৈ ট্ৰাম্পৰ ঘনিষ্ঠ হিচাপে পৰিচিত ৰক্ষণশীল নেতা চাৰ্লি কাৰ্কৰ হত্যাৰ পিছত মাৰ্কিন ৰাষ্ট্ৰপতিয়ে অতি বাঁওপন্থীসকলৰ বিৰুদ্ধে আৰু তীব্ৰ সুৰত কথা ক’বলৈ আৰম্ভ কৰিছে।

সোমবাৰে ট্ৰাম্পক সোধা হৈছিল যে তেওঁ আমেৰিকাৰ অতি বাঁওপন্থী গোষ্ঠী অ্যান্টিফাক ‘ঘৰুৱা সন্ত্ৰাসবাদী’ হিচাপে ঘোষণা কৰিব নেকি। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে কয়, “হয়, মই এইটো কৰিম।” তেওঁ জনায় যে তেওঁ এই বিষয়ে কেবিনেটৰ বিষয়াসকল আৰু ন্যায় বিভাগৰ সৈতে আলোচনা কৰিব। সংশ্লিষ্ট সকলো পক্ষৰ সমৰ্থন পালে তেওঁ এই পদক্ষেপৰ দিশত আগবাঢ়িব। কিন্তু ট্ৰাম্পে কাক আৰু কেনেকৈ ‘ঘৰুৱা সন্ত্ৰাসবাদী’ হিচাপে ঘোষণা কৰিব, সেইবিষয়ে তেওঁৰ মন্তব্যৰ পৰা স্পষ্ট হোৱা নাই। কাৰণ, অ্যান্টিফাৰ কোনো সদস্যৰ তালিকা বা সাংগঠনিক গাঁথনি নাই। এই গোষ্ঠীৰ কোনো স্বতন্ত্ৰ নেতাও নাই। ফলত এই হুমকি কাৰ্যকৰী কৰিবলৈ ট্ৰাম্প প্ৰশাসনে কি পদ্ধতি গ্ৰহণ কৰিব, সেয়াও স্পষ্ট নহয়।

চাৰ্লি কাৰ্কৰ হত্যাৰ পিছত ট্ৰাম্পৰ এই হুমকি যথেষ্ট তাৎপৰ্যপূৰ্ণ। বিগত কেইদিন ধৰি তেওঁ এই ঘটনাৰ বাবে অতি বাঁওপন্থীসকলক লক্ষ্য কৰি আহিছে। যদিও কাৰ্কৰ হত্যাৰ সৈতে অতি বাঁওপন্থীসকলৰ সংযোগৰ কোনো প্ৰমাণ এতিয়ালৈকে প্ৰকাশ্যে ওলোৱা নাই। ওভাল অফিচত ট্ৰাম্পে কয়, “অ্যান্টিফা ভয়ংকৰ। ইয়াৰ বাহিৰেও আন কিছু গোষ্ঠী আছে। আমাৰ দেশত কিছুমান কট্টৰপন্থী গোষ্ঠী আছে।” ইয়াৰ পূৰ্বে কাৰ্কৰ মৃত্যুৰ পিছত এটা ভিডিঅ’ বাৰ্তাত মাৰ্কিন ৰাষ্ট্ৰপতিয়ে কৈছিল, “বছৰ বছৰ ধৰি উগ্ৰ বাঁওপন্থীসকলে চাৰ্লিৰ দৰে মহান আমেৰিকানসকলক বিশ্বৰ আটাইতকৈ নিকৃষ্ট হত্যাকাৰী আৰু অপৰাধীৰ সৈতে তুলনা কৰি আহিছে। আজি আমি দেশত যি সন্ত্ৰাস দেখিছোঁ, এনে ধৰণৰ বক্তব্যই তাৰ বাবে প্ৰত্যক্ষভাৱে দায়ী। এইসমূহ এতিয়াই বন্ধ হোৱা উচিত।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...

আপুনি জানেনে? জাপানত ফল-মূল আৰু শাক-পাচলিৰ বাকচত সেই খেতিসমূহ কৰা কৃষকসকলৰ ফটো লগোৱা থাকে…

জাপানৰ বহু অঞ্চলত ফল-মূল আৰু শাক-পাচলিৰ বাকচত প্ৰায়েই সেই...

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...