মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত। ইৰাণ-ইজৰাইলৰ যুদ্ধ বিৰতিৰ আনুষ্ঠানিক ঘোষণা ট্ৰাম্পৰ। X হেণ্ডলযোগে যুদ্ধ বিৰতিৰ ঘোষণা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। যুদ্ধ বিৰতিৰ বাবে ইৰাণ–ইজৰাইলক ধন্যবাদ ড’নাল্ড ট্ৰাম্পৰ। যুদ্ধ বিৰতিৰ পূৰ্বে আমেৰিকাৰ বায়ুসেনাৰ ঘাটিত প্ৰচণ্ড আক্ৰমণ ইৰাণৰ। কাটাৰ–ইৰাকত আমেৰিকান সেনাৰ ঘাটিত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ ইৰাণৰ। ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাৰ আক্ৰমণৰ প্ৰত্যুত্তৰত এই আক্ৰমণ। ইৰাণৰ আক্ৰমণৰ পিছতেই দুয়োখন দেশৰ যুদ্ধ বিৰতিৰ ঘোষণা আমেৰিকাৰ। ট্ৰাম্পৰ ঘোষণাৰ পিছতেই X হেণ্ডলত প্ৰতিক্ৰিয়া আয়াতোল্লা খামেইনিৰ। খামেইনিৰ দাবী– ইৰাণৰ জনসাধাৰণে কেতিয়াও আত্মসমৰ্পণ নকৰে। ইৰাণ-ইজৰাইলৰ যুদ্ধক লৈ বিশ্বজুৰি সৃষ্টি হৈছিল শংকাৰ। যুদ্ধত পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ আশংকাত শংকিত হৈ পৰিছিল বিশ্ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...