জুলাইত পৰিবহণ বিভাগৰ “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচী
শিক্ষক-শিক্ষয়িত্ৰী, চিকিৎসক-অধিবক্তা, সাংবাদিক, বয়োজ্যেষ্ঠ নাগৰিকৰ বাহনৰ নথিপত্ৰ বিষয়ক সকলো সমস্যাৰ ঠিতাতে সমাধান
ৰাজ্যৰ ৰাজপথত সুৰক্ষিত যাতায়াত অব্যাহত ৰাখি অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে পৰিবহণ বিভাগে দিনে-নিশাই চেষ্টা অব্যাহত ৰাখিছে। পথৰ গুৰুত্বপূৰ্ণ নীতি-নিৰ্দেশনাৰ পৰা আৰম্ভ কৰি যান-বাহনৰ যাৱতীয় নথিপত্ৰ সঠিক আৰু যান্ত্ৰিক সকলো দিশ সক্ষম কৰি ৰখাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিত পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ তত্ত্বাৱধানত কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে বিভিন্ন জনসেৱা কাৰ্যসূচী ৰূপায়িত কৰিছে। ইয়াৰে অন্যতম লক্ষ্য হিচাপে আগন্তুক জুলাই মাহটোক “সম্পূৰ্ণ সেৱা মাহ” হিচাপে লৈ পৰিবহণৰ সকলো সেৱা সহজতে উপলব্ধ আৰু ঠিতাতে সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে সম্পূৰ্ণ সেৱা মাহৰ কাৰ্যসূচীত বিশেষকৈ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, চিকিৎসক-অধিবক্তা, সাংবাদিক আৰু বয়োজ্যেষ্ঠ নাগৰিকৰ পৰিবহণৰ লগত জড়িত যিকোনো সমস্যাৰ তাৎক্ষণিক সমাধান আৰু নথিপত্ৰসমূহ সঠিক কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ’ব। জুলাই মাহত যিহেতু গৰমৰ বন্ধ সেয়ে এই সময়চোৱাত উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ পৰা আৰম্ভ কৰি স্নাতকোত্তৰ আৰু ইয়াৰ সমপৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীক হোণ্ডা ছেফটি ড্ৰাইভিং এডুকেছন চেন্টাৰৰ সহযোগত বিশেষ চিমুলেটৰৰ দ্বাৰা বাহন চালনাৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে বাহন চালনাৰ অনুজ্ঞাপত্ৰ এখন নিজে উলিয়াই ল’ব পৰাকৈ পাৰদৰ্শী কৰি তোলা হ’ব। ঘৰতে বহিয়ে পৰিবহণৰ লগত জড়িত ৫৭টাতকৈ অধিক সংস্পৰ্শবিহীন সেৱা লাভ কৰিব পৰাৰ পিছতো যিসকল লোকে কাৰিকৰী অজ্ঞতাৰ বাবে এই সেৱা সময়মতে লাভ কৰিব পৰা নাই অথবা কৰ্মক্ষেত্ৰৰ ব্যস্ততাৰ বাবে পৰিবহণৰ কাৰ্যালয়লৈ গৈয়ো সমাধান কৰা হোৱাগৈ নাই সেইসকল শিক্ষক-শিক্ষয়িত্ৰী, চিকিৎসক-অধিবক্তা, সাংবাদিক আৰু বয়োজ্যেষ্ঠ নাগৰিকৰ সমস্যা সমাধানত সহায়ৰ হাত আগবঢ়াবলৈ পৰিবহণ বিভাগে সম্পূৰ্ণ সেৱা মাহৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে ৷ সমাজৰ এইসকল ব্যক্তিৰ যিয়ে বাহনৰ নথি-পত্ৰকে ধৰি পৰিবহণৰ লগত জড়িত বিভিন্ন সমস্যাৰ সমাধান কৰিব পৰা নাই অথবা সময়মতে যানবাহনৰ যাৱতীয় কৰ-কাটল আদায় দিব পৰা নাই তেওঁলোকে ফোনযোগে নিজৰ গুৰুত্বপূৰ্ণ সমস্যা সন্দৰ্ভত অৱগত কৰিলে গৰাকীৰ ঘৰ অথবা কাৰ্যালয় আদিতো উপস্থিত হৈ তাৎক্ষণিকভাৱে সমাধানৰ ব্যৱস্থা কৰিব পৰিবহণৰ সহায়কাৰী বিষয়া-কৰ্মীৰ দলে। একেদৰে সম্পূৰ্ণ সেৱা মাহৰ সময়চোৱাত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়তো উল্লেখিত ব্যক্তিসকলৰ যানবাহনৰ নথিপত্ৰ বিষয়ক সমস্যাসমূহ ততালিকে সমাধান কৰা হ’ব। প্ৰথম জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া “সম্পূৰ্ণ সেৱা মাহ”ৰ সময়চোৱাত বেতকুচিস্থিত পৰিবহণ বিষয়া কাৰ্যালয়ৰ চৌহদত অৱস্থিত হোণ্ডা ছেফটি ড্ৰাইভিং এডুকেছন চেন্টাৰত প্ৰতিটো খোলা দিনত ৰাতিপুৱা ৯ বজাত উপস্থিত হৈ জয়ন্ত কুমাৰ দাস (৯৮৫৯২-৭৩১৫৫ )ৰ লগত যোগাযোগ কৰি বাহন চালনাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনোৱা হৈছে। ইফালে পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে অসমবাসী ৰাইজক অতি গুৰুত্বসহকাৰে অৱগত কৰে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ তত্বাৱধানত পৰিবহণ খণ্ডত Randomized চাৰ্ভিছ আগবঢ়োৱা হৈছে। সেই অনুসৰি অসমৰ যিকোনো জিলাৰ বাহনৰ গৰাকীয়ে চালকৰ অনুজ্ঞাপত্ৰ নৱীকৰণ, বাহনৰ মালিকীস্বত্ব হস্তান্তৰকে ধৰি নথিপত্ৰ বিষয়ক যিকোনো সমস্যাৰ সমাধান কৰিব পাৰিব। সেয়েহে যানবাহনৰ নথিপত্ৰ বিষয়ক যিকোনো সমস্যাৰ সমাধানৰ বাবে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰক আৰু আপোনাৰ সমস্যাৰ ঠিতাতে সমাধান কৰক ।