দুসপ্তাহৰ জাননী দি ৭২ ঘণ্টাৰ ভিতৰত ইৰাণক আক্ৰমণ! ট্ৰাম্পে কেতিয়া আক্ৰমণ কৰাৰ সিদ্ধান্ত লৈছিল?

ইৰাণৰ বিৰুদ্ধে আমেৰিকাই প্ৰত্যক্ষভাৱে অস্ত্ৰ ল’ব নে নাই, সেই বিষয়ে দুসপ্তাহৰ ভিতৰত চূড়ান্ত সিদ্ধান্ত ল’ব বুলি মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বৃহস্পতিবাৰে ঘোষণা কৰিছিল। কিন্তু তেওঁৰ সেই মন্তব্যৰ মাত্ৰ ৭২ ঘণ্টাৰ ভিতৰত শনিবাৰে গভীৰ নিশা মাৰ্কিন বাহিনীয়ে ইৰাণৰ তিনিটা পৰমাণু কেন্দ্ৰত আক্ৰমণ চলায়। তেন্তে আক্ৰমণৰ পৰিকল্পনা কি আগতীয়াকৈ প্ৰস্তুত কৰা হৈছিল নেকি? কেতিয়া ট্ৰাম্পে তাত অনুমোদন দিছিল? এই প্ৰশ্নবোৰৰ উত্তৰক লৈ এতিয়াও জল্পনা-কল্পনা চলি আছে।

মাৰ্কিন উপ-ৰাষ্ট্ৰপতি জেডি ভান্সে দেওবাৰে জনাইছে যে, অভিযান আৰম্ভৰ মাত্ৰ কেইমিনিটমান আগতেহে ৰাষ্ট্ৰপতিয়ে চূড়ান্ত সিদ্ধান্ত লৈছিল। এনবিচি’ৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত ভান্সে কয়, “ইৰাণত বোমা নিক্ষেপৰ মাত্ৰ কেইমিনিটমান আগত ট্ৰাম্পে এই সিদ্ধান্ত লৈছিল। তেওঁ ইচ্ছা কৰিলে শেষ মুহূৰ্ততো অভিযান বাতিল কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁ আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লয়।”

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে হোৱাইট হাউচৰ তৰফৰ পৰা ট্ৰাম্পক উদ্ধৃত কৰি এটা বিবৃতি প্ৰকাশ কৰি জনোৱা হৈছিল যে, পৰমাণু কাৰ্যসূচীৰ বিষয়ে ইৰাণৰ সৈতে বুজাপৰাৰ সম্ভাৱনা আছে। কিন্তু ট্ৰাম্পে সেই পথত আগবাঢ়িব নে নাই, তাৰ চূড়ান্ত সিদ্ধান্ত দুসপ্তাহৰ ভিতৰত লোৱা হ’ব। কিন্তু কাৰ্যতঃ দুসপ্তাহৰ কথা দূৰৰে কথা, ট্ৰাম্পৰ সেই ঘোষণাৰ ৭২ ঘণ্টাৰ ভিতৰতেই আমেৰিকা ইৰাণৰ সৈতে সমুখ সমৰত নামি পৰে। আক্ৰমণৰ মুহূৰ্তটোক আমেৰিকা আৰু ইজৰাইলৰ বাবে ‘ঐতিহাসিক মুহূৰ্ত’ বুলিও দাবী কৰে ট্ৰাম্পে।

নাম প্ৰকাশৰ অনিচ্ছুক ট্ৰাম্প প্ৰশাসনৰ এজন বিষয়াই মাৰ্কিন সংবাদপত্ৰ ‘দ্য ৱাল ষ্ট্ৰীট জাৰ্নেল’ক জনাইছে যে, বিগত মঙ্গলবাৰে হোৱাইট হাউচত অনুষ্ঠিত এখন বৈঠকত ট্ৰাম্পে ইৰাণত আক্ৰমণৰ বাৰ্তা দিছিল। কিন্তু তেতিয়া তেওঁ চূড়ান্ত অনুমোদন দিয়া নাছিল। তেওঁ বিচাৰিছিল যে, কোনো উপায়ে ইৰাণক আলোচনাৰ টেবুললৈ আনিব লাগে। আমেৰিকাৰ ফালৰ পৰা আলোচনা চলোৱাৰ চেষ্টা কৰা হৈছিল। কিন্তু সেই প্ৰচেষ্টা ফলপ্ৰসূ নহ’ল। মঙ্গলবাৰৰ সেই বৈঠকত ট্ৰাম্পৰ বাৰ্তাৰ পৰাই স্পষ্ট হৈছিল যে, আমেৰিকাই অচিৰেই ইৰাণত আক্ৰমণ চলাব। সেইমতে বৈঠকৰ পিছত আক্ৰমণৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছিল।

ভান্সে জনাইছে যে, কূটনৈতিক আলোচনাৰ এটাৰ পিছত আন এটা প্ৰচেষ্টা ব্যৰ্থ হোৱাৰ পিছত মাৰ্কিন প্ৰতিৰক্ষা সচিব পিট হেগচেথক আক্ৰমণৰ চূড়ান্ত অনুমোদন দিয়ে ট্ৰাম্পে। বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে ভান্সে কয়, “এইটো এটা অতি সংবেদনশীল মুহূৰ্ত। হোৱাইট হাউচে ইৰাণৰ পদক্ষেপবোৰ নিবিড়ভাৱে পৰ্যৱেক্ষণ কৰি আছে। ইৰাণে প্ৰত্যাঘাত হিচাপে মাৰ্কিন বাহিনীৰ বিৰুদ্ধে কোনো পদক্ষেপ ল’বলৈ ওলাইছে নেকি, সেইবোৰো ট্ৰাম্প প্ৰশাসনে নজৰত ৰাখিছে।” তেওঁৰ মতে, অহা ২৪ ঘণ্টাৰ ভিতৰত ইৰাণৰ উদ্দেশ্য বুজিব পৰা যাব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...