ৰাছিয়াই ইৰাণক কিয় প্ৰত্যক্ষভাৱে সহায় কৰা নাই?

পশ্চিম এছিয়াত উত্তেজনা ক্ৰমাৎ বাঢ়িছে। এই পৰিপ্ৰেক্ষিতত শনিবাৰে গভীৰ নিশা ইৰাণ-ইজৰাইল সংঘাতত আমেৰিকাই প্ৰত্যক্ষভাৱে যোগদান কৰি ইৰাণৰ তিনিটা পৰমাণু কেন্দ্ৰত বোমা আক্ৰমণ চলায়। এই আক্ৰমণৰ তীব্ৰ নিন্দা কৰিছে ৰাছিয়াই। তেন্তে ৰাছিয়াই কিয় ইৰাণ-ইজৰাইল সংঘাতত প্ৰত্যক্ষভাৱে যোগ দিয়া নাই? এই প্ৰশ্নৰ ব্যাখ্যা দিছে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে।

পুটিনৰ বক্তব্য

ইৰাণত আমেৰিকাৰ আকস্মিক আক্ৰমণৰ পিছত দেওবাৰে এটা সাক্ষাৎকাৰত পুটিনে ইৰাণ-ইজৰাইল সংঘাতত মস্কোৰ ভূমিকা স্পষ্ট কৰে। ছেণ্ট পিটাৰ্ছবাৰ্গত আন্তৰ্জাতিক অৰ্থনৈতিক মঞ্চৰ বৈঠকত পুটিনে কয়, “পশ্চিম এছিয়াৰ মিত্ৰ দেশৰ সৈতে ৰাছিয়াৰ কূটনৈতিক সম্পৰ্ক আছে। প্ৰাক্তন ছোভিয়েট ইউনিয়ন আৰু পৰৱৰ্তী ৰাছিয়াৰ প্ৰায় ২০লাখ মানুহ ইজৰাইলত বাস কৰে। ইজৰাইলক প্ৰায় ৰুছভাষী দেশ বুলিলেও ভুল নহ’ব! ৰাছিয়াৰ সমসাময়িক ইতিহাসত আমি এই বিষয়টোক গুৰুত্ব দিওঁ।” তেওঁ লগতে জনায় যে, ৰাছিয়াৰ জনসংখ্যাৰ প্ৰায় ১৫ শতাংশ মুছলমান ধৰ্মাৱলম্বী। ইয়াৰ উপৰি, ৰাছিয়া ‘অৰ্গেনাইজেছন অৱ ইছলামিক কো-অপাৰেশ্যন’ৰ পৰ্যৱেক্ষক। ফলত কেইবা দশক ধৰি পশ্চিম এছিয়াত ৰাছিয়াই ভাৰসাম্যমূলক ভূমিকা পালন কৰি আহিছে।

ইৰাণ আৰু ইজৰাইলৰ সৈতে সম্পৰ্ক

পুটিনে কয় যে, ইৰাণৰ সৈতে ৰাছিয়াৰ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছে। কেৱল তাৰে নহয়, ইৰাণৰ বুছেহৰত প্ৰথম পৰমাণু বিদ্যুৎ কেন্দ্ৰ নিৰ্মাণতো ৰাছিয়াই সহায় কৰিছিল। কিন্তু ইজৰাইলৰ সৈতেও ৰাছিয়াৰ সম্পৰ্ক বেয়া নহয়। পুটিনৰ ভাষ্যত, “ইৰাণৰ সৈতে মস্কোৰ যেনেকৈ শক্তিশালী অৰ্থনৈতিক আৰু সামৰিক সম্পৰ্ক আছে, তেনেকৈ ইজৰাইলৰ সৈতেও উষ্ণ সম্পৰ্ক আছে।” ফলত ৰাছিয়াই এতিয়াই ইৰাণ-ইজৰাইল সংঘাতৰ মাজত নামিবলৈ বিচৰা নাই, পুটিনৰ বাৰ্তাৰ পৰা তাৰ কিছু ইংগিত পোৱা গৈছে।

আমেৰিকাৰ আক্ৰমণৰ নিন্দা

ৰাছিয়াই ইৰাণত আমেৰিকাৰ আক্ৰমণৰ তীব্ৰ নিন্দা কৰিছে। মস্কোৱে জনাইছে যে, এই আক্ৰমণ কেৱল ‘দায়িত্বহীন’ নহয়, আন্তৰ্জাতিক আইনৰো লঙ্ঘন। দেওবাৰে ৰাছিয়াৰ বিদেশ মন্ত্ৰালয়ৰ পৰা প্ৰকাশিত এটা বিবৃতিত কোৱা হৈছে, “এতিয়া স্পষ্ট যে, ভয়াৱহ উত্তেজনা বৃদ্ধি আৰম্ভ হৈছে, যিয়ে আঞ্চলিক আৰু আন্তৰ্জাতিক নিৰাপত্তাক আৰু অধিক বিঘ্নিত কৰিব। আমেৰিকাৰ এই আক্ৰমণ দায়িত্বহীন আৰু আন্তৰ্জাতিক আইনৰ লঙ্ঘনকাৰী।”

মধ্যস্থতাৰ প্ৰচেষ্টা

বিগত সপ্তাহত পুটিনে ইৰাণ-ইজৰাইল সংঘাতৰ অৱসানৰ বাবে মধ্যস্থতাৰ প্ৰস্তাৱ দিছিল। তেওঁ কৈছিল যে মস্কোৱে এনে এটা মীমাংসাৰ আলোচনাত সহায় কৰিব পাৰে, যিয়ে তেহৰানক শান্তিপূৰ্ণভাৱে পৰমাণু কাৰ্যসূচী চলোৱাৰ সুযোগ দিব আৰু একেসময়তে ইজৰাইলৰ নিৰাপত্তাৰ উদ্বেগো শান্ত কৰিব। কিন্তু তাৰ আগতেই আমেৰিকাই ইৰাণত আক্ৰমণ চলায়।

ইৰাণৰ সৈতে আলোচনা

পুটিন এতিয়াই প্ৰত্যক্ষ যুদ্ধত নামিবলৈ ওলোৱা নাই যদিও ইৰাণে এই পৰিস্থিতিত ‘বন্ধু’ ৰাছিয়াক কাষত বিচাৰিছে। সোমবাৰে ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰাগচি মস্কোত উপস্থিত হৈছে। বিয়লি তেওঁ পুটিনৰ সৈতে জৰুৰী বৈঠকত বহিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...