একেলগে ওলাই যোৱা দুই ভাতৃ আৰু উভতি নাহিল!

ধুবুৰীৰ গৌৰীপুৰৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। খোজকাঢ়ি গৈ থাকোতেই স্কৰপিঅ’ বাহনৰ খুন্দাত থিতাতে নিহত দুজন যুৱক। নিহত যুৱকদ্বয় সম্পৰ্কীয় ককাই-ভাই। নিহত যুৱক দুজন গেৰামাৰী পঞ্চম খণ্ড গাঁৱৰ ৰফিক হুছেইন (২৭) আৰু আজমিৰ হুছেইন (২৩)।
জানিব পৰা মতে, যুৱক দুজন বটেৰতলৰ পৰা গৌৰীপুৰ অভিমুখে খোজকাঢ়ি গৈ থকা অৱস্থাতে AS01FF 9416 নম্বৰৰ স্কৰপিঅ’ বাহনে খুন্দিয়াই থৈ যায়। তৎক্ষণাত স্থানীয় ৰাইজে যুৱক দুজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও আধাবাটতে মৃত্যুক সাৱটি লয় দুয়েজনে। ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত বাহনখন জব্দ কৰাৰ লগতে চালকজনক আটক কৰি থানালৈ লৈ যায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...